দেশৰ সুৰক্ষাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ‘শিলিগুৰি কৰিডৰ’ বা ‘চিকেনছ নেক’ক কেন্দ্ৰ কৰি ভাৰতীয় সেনাই এতিয়া গঢ়ি তুলিছে এক অভেদ্য সুৰক্ষাবলয়। ভাৰত আৰু বাংলাদেশ সীমান্তৰ এক বৃহৎ অংশত সেনাই সম্পূর্ণ নতুন আৰ্হিৰ কাঁটাতাঁৰৰ বেৰ স্থাপন কৰিছে। প্ৰাপ্ত তথ্য অনুসৰি, সীমান্তৰ প্ৰায় ৭৫ শতাংশ এলেকাত ইতিমধ্যে এই নতুন বেৰ দিয়াৰ কাম সম্পূৰ্ণ হৈছে। এই আধুনিক বেৰৰ সৈতে শক্তিশালী নিৰীক্ষণ কেমেৰা আৰু উন্নত ‘এৰিয়া ডমিনেশ্বন’ ব্যৱস্থা সংযুক্ত কৰা হৈছে, যাৰ ফলত সীমান্তৰ প্ৰতিটো সৰু গতিবিধিও এতিয়া সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ বি এছ এফৰ দৃষ্টিত ধৰা পৰিব। ইয়াৰ উপৰি আকাশমাৰ্গৰ সুৰক্ষাৰ বাবে ৰাছিয়াৰ পৰা ক্ৰয় কৰা এছ-৪০০ ডিফেঞ্চ চিষ্টেম আৰু চাৰ্ফেচ টু এয়াৰ মিছাইলো সাজু কৰি ৰাখিছে সেনাই। চোৰাংচোৱা সূত্ৰৰ মতে, বাংলাদেশৰ আভ্যন্তৰীণ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত ভাৰত-বাংলাদেশ সীমান্তত এতিয়া সৰ্বোচ্চ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। বিশেষকৈ শিলিগুৰি কৰিড’ৰ এলেকাৰ নিৰাপত্তা ব্যৱস্থা আধুনিকীকৰণৰ কাম প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে। প্ৰায় ১২ ফুট উচ্চতাৰ এই আধুনিক বেৰসমূহ এনেদৰে নিৰ্মাণ কৰা হৈছে যাতে কোনেও ইয়াক কাটিব বা বগাব নোৱাৰে। এই সমগ্ৰ ব্যৱস্থাটোৰ দায়িত্বত থকা বি এছ এফে সীমান্তৰ প্ৰতিটো গতিবিধিৰ ওপৰত এতিয়া ‘ৰিয়েল-টাইম’ নজৰ ৰাখিছে। উল্লেখ্য যে, পশ্চিমবংগৰ প্ৰায় ২,২১৭ কিলোমিটাৰ সীমান্ত এলেকাত এই নতুন আৰ্হিৰ বেৰ স্থাপন কৰিছে কৰ্তৃপক্ষই। সীমান্তত অনুপ্ৰৱেশ, চোৰাং চিকাৰ আৰু ওচৰচুবুৰীয়া দেশৰ অস্থিৰতাৰ প্ৰভাৱ ৰোধ কৰিবলৈ এই বিশেষ ব্যৱস্থা লোৱা হৈছে। ইফালে, ৩৬০ ডিগ্ৰী নিৰাপত্তা নিশ্চিত কৰিবলৈ অতিৰিক্ত ৮,১৬০ কোটি টকা ব্যয় কৰি দুটা অতিৰিক্ত ‘এয়াৰ এডভান্সড মিছাইল চিষ্টেম’ আৰু ‘ভৈৰৱ বেটেলিয়ন’ মোতায়েন কৰিছে চৰকাৰে। একেদৰে, ৰাছিয়াৰ পৰা আমদানি কৰা এছ-৪০০ মিছাইল প্ৰতিৰক্ষা প্ৰণালীয়ে চিকেনছ নেকৰ সুৰক্ষাক এতিয়া এক নতুন মাত্ৰা প্ৰদান কৰিছে। শত্ৰু দেশৰ যিকোনো আকাশীপথৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ এই অত্যাধুনিক মিছাইল ব্যৱস্থাটো সীমান্তত নিয়োগ কৰিছে সেনাই। দেশৰ ভৌগোলিক অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত লোৱা এই পদক্ষেপসমূহে উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে মূল ভূখণ্ডৰ সংযোগস্থলক অধিক নিৰাপদ কৰি তুলিব বুলি আশা কৰিছে সুৰক্ষা বিশেষজ্ঞসকলে। Share this:FacebookX Related Post navigation ইডিৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ মমতা বেনাৰ্জী! আই-পেকৰ নথিপত্ৰ চুৰিৰ অভিযোগত দাখিল এজাহাৰ পাক প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা! বালোচিস্তানৰ নিৰ্বাসিত চৰকাৰৰ সিদ্ধান্ত