সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ স্থিতি অধিক স্পষ্ট কৰি সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে মঙলবাৰে প্ৰদান কৰে পাকিস্তানলৈ এক কঠোৰ বাৰ্তা। বাৰ্ষিক সংবাদমেলত ভাষণ দি তেওঁ কয় যে ‘অপাৰেচন সিন্দুৰ’ এতিয়াও অব্যাহত আছে আৰু শত্ৰুপক্ষৰ যিকোনো দুঃসাহসিক কাৰ্যক কঠোৰ হাতেৰে দমন কৰা হ’ব। জেনেৰেল দ্বিবেদীৰ মতে, এই অভিযানৰ জৰিয়তে পাকিস্তানে দীৰ্ঘদিন ধৰি দি অহা পাৰমাণৱিক ভাবুকিক নসাৎ কৰি ভাৰতে সন্ত্ৰাসবাদীৰ ঘাটিসমূহ ধ্বংস কৰিবলৈ সক্ষম হৈছে।

সেনাপ্ৰধানগৰাকীয়ে জনোৱা মতে, ২০২৫ বৰ্ষত সুৰক্ষা বাহিনীয়ে ৩১ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰিছে, যাৰ ৬৫ শতাংশই আছিল পাকিস্তানী মূলৰ। ইয়াৰ ভিতৰত পেহেলেগাম আক্ৰমণৰ মাষ্টাৰমাইণ্ডকো ‘অপাৰেচন মহাদেৱ’ৰ জৰিয়তে খতম কৰা হৈছে। বৰ্তমান জম্মু-কাশ্মীৰত স্থানীয় সন্ত্ৰাসবাদীৰ সংখ্যা একক সংখ্যালৈ হ্ৰাস পাইছে আৰু নতুনকৈ সন্ত্ৰাসবাদত ভৰ্তি হোৱা যুৱকৰ সংখ্যাও প্ৰায় শূন্য হৈ পৰিছে।

সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত তেওঁ কয় যে চীন সীমান্তত বৰ্তমান স্থিৰতা বিৰাজ কৰিছে যদিও সেনাই তীক্ষ্ণ নজৰ ৰাখিছে। একেদৰে উত্তৰ সীমান্তৰ পৰিস্থিতি স্বাভাৱিক কৰিবলৈ আত্মবিশ্বাস বৃদ্ধিকাৰী পদক্ষেপসমূহ গ্ৰহণ কৰা হৈছে। জম্মু-কাশ্মীৰত পৰ্যটনৰ পুনৰুত্থান আৰু শান্তিপূৰ্ণ অমৰনাথ যাত্ৰাই অঞ্চলটোত ইতিবাচক পৰিৱৰ্তনৰ ইংগিত দিছে বুলিও সেনাপ্ৰধানগৰাকীয়ে উল্লেখ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *