গোলকীয় অৰ্থনৈতিক প্ৰত্যাহ্বানৰ মাজতো এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি স্পৰ্শ কৰিবলৈ সক্ষম হ’ল ভাৰতে। বিশ্বৰ অৰ্থনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি জাপানতকৈ বৃহৎ অৰ্থনীতি হিচাপে বিশ্বৰ চতুৰ্থ স্থান দখল কৰিছে ভাৰতে। মঙলবাৰে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা এক বিবৃতিত এই ঐতিহাসিক সফলতাৰ কথা ঘোষণা কৰা হয়। চৰকাৰী তথ্য অনুসৰি, ভাৰতৰ বৰ্তমানৰ মুঠ ঘৰুৱা উৎপাদনৰ পৰিমাণ ৪.১৮ ট্ৰিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে, যিয়ে জাপানৰ অৰ্থনীতিক চেৰ পেলাই গৈছে। ২০২৫ চনৰ দ্বিতীয়টো ত্ৰৈমাসিকত ভাৰতৰ প্ৰকৃত জিডিপি ৮.২ শতাংশ হাৰত বৃদ্ধি পাইছে, যিটো যোৱা ছয়টা ত্ৰৈমাসিকৰ ভিতৰত সৰ্বাধিক। চৰকাৰী প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে ঘৰুৱা চাহিদা বৃদ্ধি আৰু ব্যক্তিগত খৰচৰ সুস্থিৰতাই এই বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ইফালে, কেন্দ্ৰীয় চৰকাৰে লক্ষ্য স্থিৰ কৰিছে যে ২০৩০ চনৰ ভিতৰত জাৰ্মানীকো অতিক্ৰম কৰি ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হ’ব। এই লক্ষ্যত উপনীত হ’বলৈ ২০৩০ চনলৈ ভাৰতৰ জিডিপি ৭.৩ ট্ৰিলিয়ন ডলাৰ হ’ব লাগিব বুলি অনুমান কৰা হৈছে। আনহাতে, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বিশ্ব বেংকৰ দৰে সংস্থাসমূহেও ভাৰতৰ এই অগ্ৰগতিৰ ওপৰত ইতিবাচক সঁহাৰি দিছে। ২০২৬ চনত ভাৰতৰ অৰ্থনৈতিক বিকাশ ৬.৫ শতাংশ হ’ব বুলি বিশ্ব বেংকে পূৰ্বানুমান কৰিছে। চৰকাৰৰ মতে, দেশত নিবনুৱা সমস্যা হ্ৰাস পোৱাৰ লগতে মুদ্ৰাস্ফীতিও নিয়ন্ত্ৰণৰ ভিতৰতে আছে, যিয়ে অৰ্থনীতিৰ ভেটি অধিক মজবুত কৰি তুলিছে। তদুপৰি ভাৰত চৰকাৰৰ লক্ষ্য হৈছে ২০৪৭ চনৰ ভিতৰত দেশখনক এক উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলা। বৰ্তমান বিশ্বৰ শীৰ্ষ অৰ্থনীতিৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰথম আৰু চীন দ্বিতীয় স্থানত আছে। ভাৰতৰ এই শেহতীয়া সফলতাই আন্তঃৰাষ্ট্ৰীয় বজাৰত দেশখনৰ প্ৰভাৱ আৰু অধিক বৃদ্ধি কৰিব বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে। Share this:FacebookX Related Post navigation ১০ ফেব্ৰুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকাঃ ১.৩৫ শতাংশ বৃদ্ধি পালে ৰাজ্যৰ ভোটাৰ মৃত্যুৰ পূৰ্বেই নিজৰ সমাধি নিৰ্মাণ এগৰাকী অশীতিপৰ বৃদ্ধৰ