কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই মঙলবাৰে তিনিখন দেশৰ ৮ দিনীয়া আনুষ্ঠানিক ভ্ৰমণসূচীৰ সামৰণি মাৰে। ১৪ জানুৱাৰীত দক্ষিণ-পূব এছিয়াৰ দেশ ফিলিপাইনছৰ পৰা আৰম্ভ হোৱা এই যাত্ৰা পশ্চিম প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ দ্বীপৰাষ্ট্ৰ ৰিপাব্লিক অৱ পালাউ আৰু ফেডাৰেটেড ষ্টেটছ অৱ মাইক্ৰ’নেছিয়া(এফএছএম)ত অন্ত পৰে। এই সময়ছোৱাত মন্ত্ৰীজনে তিনিওখন দেশৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰি ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰাৰ বাবে গঠনমূলক আলোচনাত মিলিত হয়। এই ভ্ৰমণ আছিল ঐতিহাসিক, কিয়নো প্ৰথমবাৰলৈ মাইক্ৰ’নেছিয়ালৈ ভাৰতৰ কোনো এজন মন্ত্ৰীয়ে ভ্ৰমণ কৰিছিল। ইয়াৰ পূৰ্বে মন্ত্ৰী মাৰ্ঘেৰিটাই বৃহস্পতিবাৰে ৰিপাব্লিক অৱ পালাউৰ ৰাষ্ট্ৰপতি ছুৰাঞ্জেল হুইপছ জুনিয়ৰৰ দ্বিতীয়টো কাৰ্যকালৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। মন্ত্ৰী মন্ত্ৰী মাৰ্ঘেৰিটাৰ বিস্তৃত বিদেশ ভ্ৰমণ ফিলিপাইনৰ ৰাষ্ট্ৰপতি বংবং মাৰ্কোছৰ সৈতে এখন বৈঠকেৰে আৰম্ভ হৈছিল, য’ত দুয়োজন নেতাই ভাৰত-ফিলিপাইনছৰ অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ বাবে আলোচনাত মিলিত হৈছিল। এক বিবৃতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে, “এই অঞ্চললৈ বিদেশ ৰাজ্যিক মন্ত্ৰীৰ ভ্ৰমণে ভাৰতৰ এক্ট ইষ্ট পলিচী আৰু ভাৰত-প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ অংশ হিচাপে ফিলিপাইনছ, পালাউ আৰু ফেডাৰেটেড ষ্টেটছ অৱ মাইক্ৰ’নেছিয়া (এফএছএম)ৰ সৈতে ভাৰতৰ পৰম্পৰাগত ঘনিষ্ঠ অংশীদাৰিত্ব অধিক শক্তিশালী আৰু গভীৰ কৰিব বুলি আশা কৰা হৈছে।” Share this:FacebookX Related Post navigation কেয়াৰ হেল্থ ইঞ্চুৰেন্সে মুকলি কৰিলে অভিনৱ স্বাস্থ্য বীমা ‘আল্টিমেট কেয়াৰ’ ফিউচাৰ ৰাইট স্কিলছ নেটৱৰ্কে অসমত আয়োজন কৰে আইটিআই ইক’চিষ্টেম ছামিটৰ