গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনৰ সময়ত চলি অহা নিয়মত পৰিবৰ্তন দেখিবলৈ পোৱা যাব। কিয়নো মেচখনত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি থাকিব। টেষ্ট ক্ৰিকেটত এইটো সাধাৰণ কথা নহয়। ২২ নৱেম্বৰত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখন বহু দিশত বেলেগ হ’ব। নতুন সময়ত আৰম্ভ হ’ব টেষ্ট মেচখনো। গুৱাহাটীৰ বতৰৰ পৰিস্থিতিৰ বাবেই এই পৰিৱৰ্তন হৈছে। সাধাৰণ টেষ্ট মেচৰ সময়সূচীৰ সৈতে এইটো একেবাৰে বিপৰীত, য’ত খেল সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হয়, তাৰ পিছত পুৱা ১১:৩০ বজাত দুপৰীয়াৰ আহাৰ আৰু দুপৰীয়া ২:০০ বজাত চাহৰ সময়। দৰাচলতে উত্তৰ পূৰ্বাঞ্চল গুৱাহাটীত সূৰ্য্য উদয় আৰু সূৰ্যাস্ত আগতীয়াকৈ হয়। সন্ধিয়াৰ পোহৰ কমি অহাৰ লগে লগে বিচিচিআইয়ে টেষ্ট মেচৰ চাহৰ সময় আৰু সময়সূচীত সালসলনি কৰি নিৰ্ধাৰিত ৯০ অভাৰৰ ভিতৰত দিনটোত যিমান পাৰি সিমান অভাৰ খেলাটো নিশ্চিত কৰে। এই কাৰণেই বিচিচিআইয়ে শৃংখলাৰ সময় সালসলনি কৰাৰ সিদ্ধান্ত লৈছে। নতুন সূচীৰ অধীনত গুৱাহাটী টেষ্ট মেচখন আৰম্ভ হ’ব। নতুন সময়সূচী অনুসৰি পুৱা ৮:৩০ বজাত টছ হ’ব। প্ৰথম অধিবেশন পুৱা ৯ বজাৰ পৰা আৰম্ভ আৰু পুৱা ১১ বজাত শেষ হ’ব। চাহ বিৰতি থাকিব পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ, যি ২০ মিনিটৰ চাহ বিৰতি থাকিব। দ্বিতীয় অধিবেশন পুৱা ১১:২০ বজাৰ পৰা আৰম্ভ আৰু দুপৰীয়া ১:২০ বজাত শেষ হ’ব। দুপৰীয়াৰ আহাৰ গ্ৰহণ ১:২০ বজাৰ পৰা ২ বজালৈ থাকিব।শেষৰ অধিবেশন ২ বজাৰ পৰা আৰম্ভ হ’ব আৰু ৪ বজাত শেষ হ’ব। Share this:FacebookX Related Post navigation ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিনত প্ৰাণৰ শিল্পীক স্মৰণ শক্তিপীঠ কামাখ্যা ধামত পূজা অৰ্চনা ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰৰ