কাইলৈ গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দুখন টেষ্ট শৃংখলাৰ অন্তিমখন খেল। পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব মেচখন, পুৱা ৮:৩০ বজাত টছ অনুষ্ঠিত হ’ব। ভাৰতীয় অধিনায়ক শুভমান গিলে এই মেচত খেলাৰ সম্ভাৱনা নাই। এনে পৰিস্থিতিত নীতিশ ৰেড্ডীয়ে হয়তো সুযোগ পাব। এই শৃংখলাত ০-১ গ’লত পিছ পৰি আছে ভাৰত। প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ৩০ ৰানত জয়লাভ কৰে। প্ৰথমখন টেষ্টত পৰাস্ত হোৱাৰ পিছত আয়োজক ভাৰতে ক্লীন ছুইপৰ ভাবুকিৰ সন্মুখীন হৈছে। এই খেলপথাৰত খেলা এইখনেই হ’ব প্ৰথমখন টেষ্ট মেচ। প্ৰথম টেষ্টত ভাৰতীয় বেটছমেনে ডাঙৰ স্ক’ৰ কৰিবলৈ ব্যৰ্থ হয়। উল্লেখ্য যে ভাৰত আৰু দক্ষিণ আফ্ৰিকাই এই পৰ্যন্ত ৪৪খন টেষ্ট মেচ খেলিছে, ভাৰতে ১৬খন আৰু দক্ষিণ আফ্ৰিকাই ১৯খনত জয়লাভ কৰাৰ বিপৰীতে ১০খন মেচ ড্ৰ’ত সমাপ্ত হৈছে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ঘৰুৱা ক্ষেত্ৰত ২০ খন টেষ্ট খেলি ভাৰতে ১১ খন জয় আৰু ৬ খন পৰাস্ত হোৱাৰ বিপৰীতে তিনিখন মেচ ড্ৰ’ত সমাপ্ত হৈছে। দ্বিতীয়খন টেষ্ট পুৱা ৯ বজাৰ পৰা আৰম্ভ হ’ব। ভাৰতত টেষ্ট মেচ সাধাৰণতে পুৱা ৯:৩০ বজাৰ পৰা আৰম্ভ হয় যদিও গুৱাহাটীকে ধৰি ভাৰতৰ উত্তৰ- পূৰ্বাঞ্চলত সূৰ্য্য উদয় আৰু অস্ত সোনকালে হয়। গতিকে এই মেচখন আগতীয়াকৈ আৰম্ভ হ’ব। গুৱাহাটী টেষ্টৰ প্ৰথম অধিবেশন পুৱা ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব। তাৰ পিছত ২০ মিনিটৰ চাহৰ বিৰতি থাকিব। দ্বিতীয় অধিবেশন পুৱা ১১:২০ বজাৰ পৰা ১:২০ বজাৰ ভিতৰত খেলিব। তাৰ পিছত ৪০ মিনিটৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ বিৰতি থাকিব। বিয়লি ২ বজাৰ পৰা ৪ বজালৈ তৃতীয় অধিবেশন অনুষ্ঠিত হ’ব। ভাৰতৰ ৩০ সংখ্যক আৰু বিশ্বৰ ১২৪ সংখ্যক টেষ্ট স্থান হিচাপে পৰিগণিত হ’বলৈ ওলোৱা গুৱাহাটীৰ বৰ্ষাপৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব প্ৰথমখন টেষ্ট। ২০১২ চনত সম্পূৰ্ণ হোৱা এই ষ্টেডিয়ামত ২০১৭ চনত প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় মেচ অনুষ্ঠিত হৈছিল, যিখন আছিল ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত টি-২০ মেচ। ভাৰতীয় দলটোৱে আজিলৈকে গুৱাহাটীত চাৰিখন টি-২০ আন্তঃৰাষ্ট্ৰীয় আৰু দুখন এদিনীয়া মেচ খেলিছে। Share this:FacebookX Related Post navigation ২০২৬ৰ ফিফা বিশ্বকাপলৈ যোগ্যতা নেদাৰলেণ্ডৰ ১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপৰ ভাৰত-পাকিস্তানৰ খেল