প্ৰকৃতিৰ হেঙাৰত স্তব্ধ হ’ল ক্ৰিকেটৰ যুঁজ। বুধবাৰে লক্ষ্ণৌৰ একানা ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ চতুৰ্থখন টি-২০ আন্তৰ্জাতিক মেচ ঘন কুঁৱলী আৰু প্ৰদূষণৰ বাবে বাতিল কৰা হয়। আম্পায়াৰসকলে ঘোষণা কৰে যে, দৃশ্যমানতা একেবাৰে হ্ৰাস পোৱাৰ বাবে খেলখন পৰিচালনা কৰাটো অসম্ভৱ। সমগ্ৰ ষ্টেডিয়ামখন ধোঁৱা আৰু কুঁৱলীৰ এক ডাঠ আৱৰণে ঢাকি ৰাখিছিল আৰু পৰিস্থিতিৰ কোনো উন্নতি নোহোৱাত নিশা প্ৰায় ৯:৩০ বজাত মেচখন বাতিল ঘোষণা কৰা হয়। হাজাৰ হাজাৰ দৰ্শক হতাশ হৈ ঘৰলৈ উভতিব লগা হয়। খেলুৱৈসকলক অনুশীলন সময়ত মাস্ক পৰিধান কৰিবলৈ দেখা যায়। বৰ্তমান ভাৰতীয় দলটো ৫খন খেলৰ শৃংখলাৰ ২-১ ব্যৱধানত আগবাঢ়ি আছে, প্ৰথম খেলত ১০১ ৰানত জয়লাভ কৰাৰ পাচত দ্বিতীয় খেলত দক্ষিণ আফ্ৰিকাই জয়লাভ কৰি সমতা স্থাপন কৰে। তাৰ পাছত তৃতীয় খেলত ভাৰতে জয়লাভ কৰি পুনৰ অগ্ৰগতি লাভ কৰে। Share this:FacebookX Related Post navigation মেৰী কমৰ মানৱীয়তাঃ মণিপুৰৰ আশ্ৰয়হীন লোকক কম্বল বিতৰণ আৰু বিনামূলীয়া বক্সিং প্ৰশিক্ষণৰ ঘোষণা ফিফা বিশ্বকাপ বিজয়ী দলে লাভ কৰিব ৪৫২ কোটি