শিক্ষা মন্ত্ৰালয়ৰ সহযোগিতাত স্প্ৰিংগাৰ নেচাৰৰ দ্বাৰা এক ধ্বজাবাহী গৱেষণা প্ৰসাৰৰ পদক্ষেপ ইণ্ডিয়া ৰিচাৰ্চ ট্যুৰ ২০২৫ এতিয়া গুৱাহাটীত, চহৰখনৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটী আৰু অ’কেডি সামাজিক পৰিৱৰ্তন আৰু বিকাশ প্ৰতিষ্ঠান(অ’কেডিআইএছচিডি) ৰ গৱেষক, শিক্ষাবিদ আৰু শিক্ষাৰ্থীসকলৰ সৈতে জড়িত হৈ গুৱাহাটী মহানগৰীত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতবৰ্ষত গৱেষণা সামৰ্থ্য, অন্তৰ্ভুক্তি আৰু উদ্ভাৱনক শক্তিশালী কৰা, য ‘ত উত্তৰ-পূব অঞ্চলৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হৈছে।

৬ অক্টোবৰৰ পৰা ১৩ নৱেম্বৰলৈকে ৭খন ৰাজ্যৰ ১৫খন চহৰৰ ২৯টা প্ৰতিষ্ঠানক সামৰি লোৱা এই ভ্ৰমণে মুক্ত প্ৰৱেশ আৰু মুক্ত বিজ্ঞানক আগুৱাই নিবলৈ, গৱেষণাৰ সততাক প্ৰসাৰিত কৰিবলৈ, ই-বুক গ্ৰহণ-ব্যৱহাৰক উৎসাহিত কৰিবলৈ আৰু সম্পাদকীয় ব’ৰ্ডৰ নিযুক্তিত সহায় কৰিবলৈ প্ৰয়াস কৰি আহিছে, একে সময়তে গৱেষণাত বৈচিত্ৰ্য আৰু অন্তৰ্ভুক্তিক লাভান্বিত কৰে।

এইঅনুষ্ঠানত ভাষণ প্ৰদান কৰি স্প্রিংগাৰ নেচাৰ ইণ্ডিয়াৰ পৰিচালন সঞ্চালক ভেংকটেশ সৰ্বসিদ্ধীয়ে কয় যে, “ইণ্ডিয়া ৰিচাৰ্চ ট্যুৰ ২০২৫-ত উত্তৰ-পূৰ্বাঞ্চলক অন্তৰ্ভুক্ত কৰাটো ইচ্ছাকৃত আৰু অত্যাৱশ্যকীয় দুয়োটাই। ভাৰতে সঁচাকৈয়ে অন্তৰ্ভুক্তিমূলক আৰু বিশ্বব্যাপী প্ৰতিযোগিতামূলক গৱেষণা ফলাফল লাভ কৰিবলৈ প্ৰতিটো অঞ্চল, বিশেষকৈ নিজৰ অনন্য দৃষ্টিভংগীৰ সৈতে উত্তৰ-পূবৰ সমান কণ্ঠস্বৰ আৰু সুযোগ থাকিব লাগিব।  আইআইটি গুৱাহাটী আৰু অ’কেডিআইএছচিডি-এ এই অঞ্চলৰ প্ৰতিভা আৰু সম্ভাৱনাৰ উদাহৰণ দাঙি ধাৰিছে। এই সম্পৰ্কৰ জৰিয়তে আমি গৱেষকসকলক সঁজুলি, প্ৰশিক্ষণ আৰু দৃশ্যমানতা প্ৰদান কৰাৰ লক্ষ্য লৈছোঁ, যিয়ে তেওঁলোকক ৰাষ্ট্ৰীয় আৰু গোলকীয় গৱেষণা পৰিৱেশ তন্ত্ৰৰ সৈতে সংযোগ কৰে। “

এই ভ্ৰমণৰ অনুষ্ঠানসমূহত গৱেষকসকলে মুক্ত বিজ্ঞান, গৱেষণাৰ অখণ্ডতা আৰু আন্তঃবিষয়ক সহযোগিতাৰ জৰিয়তে কেনেদৰে আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উন্নয়নত অৰিহণা যোগাব পাৰে সেই বিষয়ে অনুসন্ধান কৰা হৈছিল।  আলোকপাত কৰা মূল পদক্ষেপসমূহৰ ভিতৰত আছে ৱান নেচন ৱান চাবস্ক্ৰিপচন (অ’এনঅ’এছ) হাৰ ৰিচাৰ্চ, আৱাৰ ফিউচাৰ আৰু ৰিচাৰ্চ এম্বেছাদৰ আদি পদক্ষেপ, এই সকলোবোৰ জ্ঞান-তথ্যৰ গণতান্ত্ৰিকীকৰণ, নৈতিক গৱেষণা প্ৰথাৰ প্ৰচাৰ আৰু কম প্ৰতিনিধিত্ব থকা কণ্ঠস্বৰক শক্তিশালী কৰাৰ বাবে ডিজাইন কৰা হৈছে।

নিজৰ বৈচিত্ৰ্যময় সম্প্ৰদায়, অনন্য আৰ্থ-সামাজিক প্ৰত্যাহ্বান আৰু সমৃদ্ধ প্ৰাকৃতিক সম্পদৰ সৈতে উত্তৰ-পূৰ্বাঞ্চলত গৱেষণা-নেতৃত্বাধীন বিকাশৰ অপৰিসীম সম্ভাৱনা আছে। এই ভ্ৰমণে সমগ্ৰ ভাৰতত জ্ঞানৰ ন্যায়সংগত ব্যৱহাৰ আৰু প্ৰভাৱশালী গৱেষণাৰ সংস্কৃতি গঢ়ি তোলাৰ বাবে স্প্রিংগাৰ নেচাৰ আৰু শিক্ষা মন্ত্ৰালয়ৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 ইণ্ডিয়া ৰিচাৰ্চ ট্যুৰ ২০২৫-এ ইতিমধ্যে উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড আৰু পশ্চিম বংগৰ প্ৰতিষ্ঠানসমূহ ভ্ৰমণ কৰি পৰৱৰ্তী সময়ত অৰুণাচল প্ৰদেশলৈ যাত্ৰা কৰিব, আহি থকা দিনবোৰত ভাৰতীয় গৱেষণাত উদ্ভাৱন, সৰ্বাংগীনতা আৰু সততাক লাভান্বিত কৰাৰ অভিযান অব্যাহত ৰাখিব।

Leave a Reply

Your email address will not be published. Required fields are marked *