ভাৰত আৰু পাকিস্তানৰ মাজত আৰু দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত নহ’ব বুলি স্পষ্ট কৰি দিছে মোদী চৰকাৰে। ক্ৰিকেট হওক বা আন যিকোনো খেলেই হওক, ভাৰতীয় দল পাকিস্তানলৈ নাযায় আৰু পাকিস্তানী দল ভাৰতলৈও আহিব নোৱাৰিব। ভাৰতক বিশ্বাসযোগ্য ক্ৰীড়া আয়োজক হিচাপে প্ৰক্ষেপ কৰি পাকিস্তানৰ বিৰুদ্ধে চৰকাৰে কঠোৰ স্থিতি বজাই ৰাখিছে।

নতুন নীতিৰ কথা ঘোষণা কৰি ক্ৰীড়া মন্ত্ৰালয়ে কয় যে এই সিদ্ধান্ত ভাৰতৰ সামগ্ৰিক পাকিস্তান নীতিৰ সৈতে মিল আছে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে ভাৰত আৰু পাকিস্তানৰ মাজত দ্বিপাক্ষিক ক্ৰীড়া প্ৰতিযোগিতা নিষিদ্ধ হৈ থাকিব।পাকিস্তানত ভাৰতীয় খেলুৱৈয়ে কোনো প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰে আৰু পাকিস্তানী দলক ভাৰত ভ্ৰমণ কৰিবলৈ দিয়া নহ’ব। অৱশ্যে এছিয়া কাপৰ দৰে বহুপক্ষীয় ইভেণ্টত এই নিষেধাজ্ঞা প্ৰযোজ্য নহ’ব বুলি চৰকাৰে স্পষ্ট কৰি দিয়ে।

মন্ত্ৰালয়ে কয় যে ভাৰতে অলিম্পিক চাৰ্টাৰ আৰু বিশ্বৰ নিয়ম মানি চলিব, যাতে ভাৰত আৰু পাকিস্তানে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত মুখামুখি হ’ব পাৰে। মন্ত্ৰালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াই কয় যে ভাৰতীয় ক্ৰিকেট দলে এছিয়া কাপ বহুপক্ষীয় ইভেণ্ট হোৱাৰ বাবে খেলিব, কিন্তু পাকিস্তানক ভাৰতৰ মাটিত কোনো দ্বিপাক্ষিক প্ৰতিযোগিতা খেলিবলৈ দিয়া নহ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *