ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ২০২৬ চনৰ আৰম্ভণিতে নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা শৃংখলাৰ সূচী প্ৰকাশ কৰিছে।এই ভ্ৰমণ দুয়োটা দলৰ বাবে অতি বিশেষ হ’ব, কাৰণ ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ পূৰ্বে খেলুৱৈসকলে নিজকে উপযুক্ত কৰি তুলিবলৈ চেষ্টা কৰিব আৰু সঠিক সংমিশ্ৰণ বিচাৰিব। নিউজিলেণ্ডৰ দলটোৱে ভাৰত ভ্ৰমণত তিনিখন এদিনীয়া আৰু ৫ খন টি-২০ মেচ খেলিব। ১১ জানুৱাৰীত বদোদৰাত অনুষ্ঠিত হ’বলগীয়া প্ৰথমখন এদিনীয়াৰ জৰিয়তে এই ভ্ৰমণ আৰম্ভ হ’ব। ইয়াৰ পিছত ১৪ জানুৱাৰীত ৰাজকোটত দ্বিতীয়খন এদিনীয়া আৰু ১৮ জানুৱাৰীত ইন্দোৰত তৃতীয়খন এদিনীয়া অনুষ্ঠিত হ’ব। অহা ২১ জানুৱাৰীৰ পৰা নাগপুৰত আৰম্ভ হ’ব টি-২০ মেচ। ইয়াৰ পিছত ২৩ জানুৱাৰীত ৰায়পুৰত, ২৫ জানুৱাৰীত গুৱাহাটীত, ২৮ জানুৱাৰীত বিশাখাপট্টনম (বিজাগ)ত, আৰু ৩১ জানুৱাৰীত ত্ৰিবেন্দ্ৰমত অন্তিমখন টি-২০ অনুষ্ঠিত হ’ব। টি-২০ বিশ্বকাপ ২০২৪ৰ চেম্পিয়ন হিচাপে ভাৰতে এই শৃংখলাত প্ৰৱেশ কৰিব। দলটোৱে নিজৰ জয়ৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ চেষ্টা কৰিব আৰু আগন্তুক প্ৰতিযোগিতাখনৰ বাবে শক্তিশালীভাৱে প্ৰস্তুতি চলাব। নিউজিলেণ্ডৰ দলটোৱে শেষবাৰৰ বাবে ২০২৩ চনৰ আৰম্ভণিতে ভাৰত ভ্ৰমণ কৰিছিল, য’ত তেওঁলোকে বিশেষ সফলতা লাভ কৰা নাছিল। সেই ভ্ৰমণত নিউজিলেণ্ড দলে মাত্ৰ এখন টি-২০ জয় কৰিবলৈ সক্ষম হৈছিল। ৰাঁচীত খেলা প্ৰথমখন মেচত। বাকী সকলো খেলতে ভাৰতে তেওঁলোকক পৰাস্ত কৰে। Share this:FacebookX Related Post navigation এবছৰৰ বাবে বাংলাদেশৰ এদিনীয়া অধিনায়কৰূপে মেহদী হাছান মিৰাজক নিযুক্তি