ভাৰত-নেপাল সীমান্তত কঠোৰ সতৰ্কতা জাৰি কৰিছে সশস্ত্ৰ সীমান্ত বলে। ইয়াৰ বাহিৰেও ভাৰতৰ বাবে মূৰৰ কামোৰণি চীনৰ উপস্থিতি বা অশান্তিৰ সৃষ্টি কৰাৰ সম্ভাৱনা।এই অশান্তিৰ বাবেই ভাৰত-নেপাল সীমান্তত এছ এছ বি বা সশস্ত্ৰ সীমান্ত বলে কঠোৰ সতৰ্কবাণী জাৰি কৰিছে। ফলত বাণিজ্যৰ পৰা আৰম্ভ কৰি নিৰাপত্তালৈকে একাধিক বিষয়ত ভাৰতৰ উদ্বেগ বাঢ়িছে। ইয়াৰ মাজতে চীনৰ উপস্থিতিৰ সম্ভাৱনাই ভাৰতৰ মূৰৰ কামোৰণিৰ এক প্ৰধান কাৰণ। এই পৰিস্থিতিয়ে দুয়োখন দেশৰ বাণিজ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলাব পাৰে। বিশেষকৈ ক্ষুদ্ৰ আৰু মজলীয়া ব্যৱসায়ীসকল সমস্যাৰ সন্মুখীন হৈছে। কেৱল বাণিজ্যই নহয়, নিৰাপত্তাও অতি গুৰুত্বপূৰ্ণ। মুকলি সীমান্তৰ সুবিধা লৈ জাল নোট, ড্ৰাগছ সৰবৰাহ, মানৱ সৰবৰাহৰ দৰে অবৈধ কাৰ্যকলাপ বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। তদুপৰি নেপালৰ অস্থিৰতাই যিকোনো সময়তে সেই দেশত চীনে প্ৰভাৱ বৃদ্ধি কৰিব পাৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *