ভাৰতৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব ন্যায়াধীশ সূৰ্যকান্ত। কেন্দ্ৰীয় চৰকাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি.আৰ. গাভাইয়ে ২৩ নৱেম্বৰত অৱসৰ ল’ব। সূত্ৰ অনুসৰি শুকুৰবাৰৰ ভিতৰত চৰকাৰে গাভাইলৈ পত্ৰ প্ৰেৰণ কৰি উত্তৰাধিকাৰীৰ পৰামৰ্শ দিব।১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হিছাৰ জিলাৰ পেটৱাৰ গাঁৱত জন্ম গ্ৰহণ কৰিছিল ন্যায়াধীশ সূৰ্যকান্তে। গাঁৱৰ বিদ্যালয়ত অধ্যয়ন কৰি ১৯৮১ চনত হিছাৰৰ চৰকাৰী পি জি কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। তাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী (এল এল বি) সম্পূৰ্ণ কৰে।সেই বছৰতে তেওঁ হিছাৰৰ জিলা আদালতত আইনী চৰ্চা আৰম্ভ কৰে আৰু ১৯৮৫ চনত চণ্ডীগড়ৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে জীৱন আৰম্ভ কৰে। সাংবিধানিক, সেৱা আৰু অসামৰিক বিষয়ত গভীৰ বুজাবুজি আৰু শক্তিশালী যুক্তিৰ বাবে তেওঁ দ্ৰুতগতিত সুনাম অৰ্জন কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *