দেশৰ বিমান খণ্ডত একচেটিয়াভাৱে দেখল কৰি ৰখা দেশৰ সৰ্ববৃহৎ বিমান সংস্থা ইণ্ডিগ’ৰ বিমান সেৱা সোমবাৰেও ব্যাহত হৈ থাকে। আজি ৫০০ খনতকৈ অধিক বিমান বাতিল কৰে ইণ্ডিগ’ই। যাৰ ফলত বিমানবন্দৰত যাত্ৰীসকলে নানা সমস্যাৰ সন্মুখীন হয়। দিল্লী, শ্ৰীনগৰ, হায়দৰাবাদ, বেংগালুৰু, আহমেদাবাদ বিমানবন্দৰৰ পৰা ৫০০ৰো অধিক বিমান সেৱা বাতিল কৰা হয়। মাত্ৰ এদিন পূৰ্বে বিমান সংস্থাটোৱে ৬৫০খনতকৈও অধিক বিমান বাতিল কৰিছিল। ইণ্ডিগ’ৰ চিইঅ’ পিটাৰ এলবাৰ্ছে কয় যে পৰিস্থিতি দৈনিক উন্নত হৈছে। ১০ ডিচেম্বৰৰ ভিতৰত কাৰ্য্যকলাপ স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে।অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডুৱে ৰাজ্যসভাত উল্লেখ কৰে যে ইণ্ডিগ’ৰ ক্ৰু ৰষ্টাৰিং আৰু আভ্যন্তৰীণ পৰিকল্পনা ব্যৱস্থাৰ সমস্যাৰ বাবেই ইণ্ডিগ’ৰ সংকটৰ সৃষ্টি হৈছে। ইয়াৰ ফলত যাত্ৰীসকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। আমি এই কথাটো সহজভাৱে ল’ব নোৱাৰো। তদন্ত চলি আছে। আমি এনে ব্যৱস্থা গ্ৰহণ কৰিম যিয়ে আনৰ বাবে আদৰ্শ দাঙি ধৰিব। ইফালে, ইণ্ডিগ’ৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ তৎকালীন শুনানিৰ বাবে অস্বীকাৰ কৰিছে উচ্চতম ন্যায়ালয়ে। চি জে আই সূৰ্য কান্তে উল্লেখ কৰে যে ভাৰত চৰকাৰে ইতিমধ্যে এই বিষয়ত ব্যৱস্থা গ্ৰহণ কৰিছে। ১০ ডিচেম্বৰত শুনানি গ্ৰহণ কৰা হ’ব বিষয়টোৰ। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে ইণ্ডিগ’ৰ চিইঅ’ আৰু একাউণ্টিং মেনেজাৰলৈ কাৰণ দৰ্শোৱা জাননী জাৰী কৰিছে। ২৪ ঘণ্টাৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। ইয়াৰ উপৰিও ইণ্ডিগ’ই শেহতীয়াকৈ বিমান সংকটৰ সময়ত এতিয়ালৈকে ৮২৭ কোটি টকা আৰু ৪৫০০ টা বেগ যাত্ৰীক বউভতাই দিছে। Share this:FacebookX Related Post navigation বন্দে মাতৰম গীতৰ ১৫০ বছৰীয়া জয়ন্তী উপলক্ষে লোকসভাত আলোচনা ৰূপহীহাটত দ্বিতীয়টো উচ্ছেদৰ বাবে সাজু হৈছে প্ৰশাসন