গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ লংকেশ্বৰস্থিত পশ্চিম জালুকবাৰী প্ৰাথমিক বিদ্যালয় চৌহদৰ বাকৰিত অহা ১৬ এপ্ৰিল দুই বহাগত এদিনীয়া কাৰ্যসূচীৰে ৬১ সংখ্যক পশ্চিম জালুকবাৰী আঞ্চলিক সোঁৱৰী উৎসৱ উদযাপন কৰা হব। আনহাতে কাৰ্য্যসূচী অনুসৰি সিদিনা পুৱা পতাকা উত্তোলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হব। তাৰ পাছত ৯ বজাত বিষ্ণু পূজা আৰম্ভ , ১০ বজাত ভাগৱত পাঠ, ১১ বজাত বাৰগোপাল আদৰণি, দূপৰীয়া ১২ বজাত পূৰ্ণাহুতি, বিয়লি ২ বজাৰ পৰা দধি মন্থন অনুষ্ঠান অনুষ্ঠিত হব। দধি মন্থন অনুষ্ঠানটো উদ্ধোধন কৰিব প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। বিয়লি ৫ বজাত বাৰগোপাল সেৱা আৰু বিদায় অনুষ্ঠান অনুষ্ঠিত হব। সন্ধিয়া ৬ বজাত মঞ্চ মুকলি কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা আব্দুল চালামুদ্দিনে। তাৰ পাছত শিশু শিল্পীসকলে শ্ৰী কৃষ্ণৰ নৃত্য পৰিৱেশন কৰিব। ইয়াৰ উপৰিও অনুষ্ঠানৰ লগত সংগতি ৰাখি জ্যেষ্ঠ সাংবাদিক জয়ন্ত কলিতাৰ সঞ্চালনাত অনুষ্ঠিত হবলগীয়া এখন আলোচনা চক্ৰত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব সোণাপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ডঃ মণিৰাম কলিতাই। নিশা ৯ বজাৰ পৰা পাপৰি ভ্ৰাম্যমাণ নাট্যদলে নাট্যভিনয় মঞ্চস্থ কৰিব। আনহাতে সোঁৱৰি উৎসৱৰ কাৰ্যসূচী সুচাৰুভাবে উদযাপন কৰিবলৈ সমাজকৰ্মী কুশল কলিতা (অমূল্য) ক সভাপতি , কিশোৰ কলিতাক কাৰ্যকৰী সভাপতি, মুকুট কলিতা আৰু প্ৰণৱ কলিতাক যুটীয়া সাধাৰণ সম্পাদকসহ কেবাখনো উপ সমিতি গঠন কৰা হৈছে। Share this:FacebookX Related Post navigation কংগ্ৰেছৰ গেৰাণ্টি মানেই আনৰ পৰা কৰা ‘কপি-পেষ্ট’; জাগীৰোডত বিৰোধীৰ বিৰুদ্ধে সৰৱ পীয়ূষ হাজৰিকা লংকেশ্বৰত ৬১ সংখ্যক সোঁৱৰী উৎসৱৰ আয়োজন