ঘূৰ্ণিবতাহ য়াগিৰ দ্বাৰা বিধ্বস্ত দেশসমূহক সহায় কৰাৰ বাবে ভাৰতে আৰম্ভ কৰিছে মানৱদৰদী পদক্ষেপ-‘অপাৰেচন সদ্ভাৱনা’। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ম্যানমাৰ, ভিয়েটনাম আৰু লাওছক সকাহ প্ৰদানৰ বাবে ভাৰতে হাতত লোৱা পদক্ষেপসমূহৰ কথা সামাজিক মাধ্যমযোগে সদৰি কৰিছে।

ভাৰতীয় নৌসেনাৰ আইএনএছ সাতপুৰাই ইতিমধ্যে ম্যানমাৰলৈ শুকান খাদ্য-সামগ্ৰী, কাপোৰ আৰু ঔষধকে ধৰি ১০ টন অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে। একে সময়তে ভাৰতীয় বায়ু সেনাই ভিয়েটনামলৈ ৩৫ টন সাহায্য বিমানযোগে প্ৰেৰণ কৰি আছে, যাৰ ভিতৰত আছে পানী বিশুদ্ধকৰণ প্ৰণালী, বিশুদ্ধ পানী থকা ৱাটাৰ কণ্টেইনাৰ, কম্বল, পাকঘৰৰ বাচন-বৰ্তন আৰু সৌৰ চাকি বা পোহৰ সামগ্ৰী ইত্যাদি। লাওছে ভাৰতৰ পৰা ১০ টন সাহায্য সামগ্ৰী লাভ কৰিছে, যাৰ ভিতৰত আছে জেনেৰেটৰ, পানী বিশুদ্ধকৰণ প্ৰণালী, অনাময় সামগ্ৰী, মহৰ জাল, কম্বল আৰু টোপনি যাব পৰা শ্লীপিং বেগ ইত্যাদি।

লাওছস্থিত ভাৰতীয় দূতাবাসে জনাইছে যে ভাৰতীয় বায়ু সেনাৰ এখন বিমানে সাহায্য সামগ্ৰী প্ৰদান কৰিছে, ইতিমধ্য়ে ভাৰতীয় ৰাষ্ট্ৰদূত প্ৰশান্ত আগৰৱালে আনুষ্ঠানিকভাৱে লাওছৰ শ্ৰম আৰু সমাজ কল্যাণ বিভাগৰ  উপমন্ত্ৰীক এই সামগ্ৰীসমূহ হস্তান্তৰ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *