যোৱা মেচখনত পৰাজয় আৰু একাংশ গুৰুত্বপূৰ্ণ খেলুৱৈৰ আঘাতৰ মাজতো ভাৰতীয় দলটোৱে শৃংখলাত পুনৰ উভতি আহি কাইলৈ পৰা ইংলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডৰ বিৰুদ্ধে চতুৰ্থখন টেষ্ট ক্ৰিকেটত জয়ৰ লক্ষ্যৰে অৱতীৰ্ণ হ’ব। এইবাৰ ভাৰতৰ দলত কিছু পৰিৱৰ্তন দেখিবলৈ পোৱা যাব। লিডছত প্ৰথমখন টেষ্টৰ অন্তত ভাৰতে তিনিজন অল-ৰাউণ্ডাৰক প্লেইং একাদশত অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ ভিতৰত আছিল আঁঠুৰ আঘাতৰ বাবে এতিয়া ছিৰিজৰ পৰা আঁতৰি থকা নীতিশ ৰেড্ডী।

ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ দুজন স্পিন বলিং অল ৰাউণ্ডাৰৰ সৈতে ভাৰতৰ আঠ নম্বৰলৈকে বেটিং কৰাৰ পৰিসৰ আছিল যদিও মানচেষ্টাৰত সেয়া নহ’বও পাৰে, য’ত ভাৰতে এতিয়াও জয়লাভ কৰিব পৰা নাই। ইয়াত ভাৰতে এতিয়ালৈকে ৯খন খেল খেলিছে, ইয়াৰে চাৰিখন খেলত পৰাজয়ৰ সন্মুখীন হোৱাৰ বিপৰীতে বাকী পাঁচখন মেচ ড্ৰ’ আছিল। বৰ্তমান ইংলেণ্ডে ২-১ত শৃংখলাত আগবাঢ়ি আছে আৰু যদি ভাৰতে এই পাঁচখন মেচৰ শৃংখলাত বৰ্তি থাকিব বিচাৰে তেন্তে ইয়াত যিকোনো মূল্যতে জয়ী হোৱাটো প্ৰয়োজন।

শৃংখলাৰ প্ৰথমখন টেষ্ট খেলা শাৰদুল ঠাকুৰক ৰেড্ডীৰ ঠাইত প্লেয়িং একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে যদিও তেওঁৰ বেটিং প্ৰদৰ্শন ইমান ভাল হোৱা নাই। যদিহে তেওঁক দলত অন্তৰ্ভুক্ত কৰা হয় তেন্তে লৰ্ডছত তৃতীয়খন টেষ্টত ৰেড্ডীয়ে গুৰুত্বপূৰ্ণ মুহূৰ্তত উইকেট দখল কৰাৰ বাবে তেওঁ বলিঙৰ প্ৰদৰ্শন উন্নত কৰিব লাগিব। ফাইনেল একাদশত স্থান পোৱাটো নিশ্চিত ফাষ্ট বলাৰ যছপ্ৰিত বুমৰাহ আৰু মহম্মদ চিৰাজে।ছিৰিজত প্ৰথমবাৰৰ বাবে লৰ্ডছত ভাৰতীয় বেটছমেনসকল ব্যৰ্থ হোৱাৰ লগতে ছিৰিজত যদি ভাৰতে প্ৰত্যাৱৰ্তন কৰিব লগা হয় তেন্তে অধিনায়ক শুভমান গিলৰ নেতৃত্বত বেটিং লাইন আপে পুনৰ ভাল প্ৰদৰ্শন কৰিব লাগিব।তৃতীয়খন টেষ্ট মেচত গিলে ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে যদিও ইয়াৰ পিছতো শৃংখলাত তেওঁৰ নামত ৬০০ৰো অধিক ৰান আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *