ফ্ৰান্সৰ লিয়নত অনুষ্ঠিত ৱৰ্ল্ডস্কিলছ ২০২৪ প্ৰতিযোগীত ভাৰতে বিভিন্ন দক্ষতা শিতানত প্ৰতিদ্বন্দ্বিতা কৰি ৪টা ব্ৰঞ্জৰ পদক আৰু ১২টা মেডেলিয়ন অৱ এক্সেলেন্স লাভ কৰি নতুন ইতিহাস ৰচিলে। পেটিচেৰী আৰু কনফেকচনেৰী, ইণ্ডাষ্ট্ৰী ৪.০, হোটেল ৰিচেপচন আৰু নবীকৰণযোগ্য শক্তিত শিতানত ভাৰতে লাভ কৰে ব্ৰঞ্জৰ প্ৰদান, এই বিজয়ে পৰম্পৰাগত শিল্প আৰু আধুনিক প্ৰযুক্তি উভয়তে ভাৰতৰ ক্ৰমবৰ্ধমান দক্ষতা উজলাই তুলিলে।

পেটিচেৰী আৰু কনফেকচনেৰী শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা অশ্বিতা পুলিচে জিনিলে বেষ্ট অৱ নেচন বঁটা। অশ্বিতাৰ কৃতিত্বই ৰন্ধন কলাত ভাৰতৰ বৰ্ধিত মৰ্যাদা প্ৰতিফলিত কৰিলে, এই স্বীকৃতি হৈছে গুৱাহাটীকে ধৰি গ্লবেল মাৰ্কেটত উদযাপন কৰা এক অনন্য কৃতিত্ব, য’ত উচ্চাকাংক্ষী ৰান্ধনীসকলে এই সফলতাক অনুপ্ৰেৰণা হিচাপে গ্ৰহণ কৰিব পাৰে।

পৃথিৱীৰ ৫২খন দেশৰ প্ৰতিযোগীৰ সৈতে ভাৰতৰ ব্যতিক্ৰমী প্ৰদৰ্শনে দেশৰ দক্ষতাৰ প্ৰতি থকা দায়বদ্ধতাক উজ্জ্বল কৰি তুলিছে। কেন্দ্ৰীয় স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে ভৱিষ্যতে ভাৰতৰ সমৃদ্ধিৰ ক্ষেত্ৰত দক্ষতাৰ ভূমিকাক গুৰুত্ব আৰোপ কৰি ভাৰতীয় দলটোৰ প্ৰয়াসৰ শলাগ লয়। ভাৰতে ১২টা মেডেলিয়ন অৱ এক্সেলেন্স স্বীকৃতিয়ে চাইবাৰ সুৰক্ষা, মেকাট্ৰনিক্স, আৰু ৱেব প্ৰযুক্তিৰ দৰে ক্ষেত্ৰত নিজৰ দক্ষতা প্ৰদৰ্শন কৰি উদ্ভাৱন আৰু কাৰুকাৰ্যৰ ক্ষেত্ৰত বিশ্বৰ আগশাৰীৰ দেশ হিচাপে ভাৰতৰ স্থিতি অধিক সুদৃঢ় কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *