অৰ্থনৈতিক অৱৰোধ ৷ পাকিস্তানলৈ চেনী, ড্ৰাই ফ্ৰুইটছকে ধৰি বিভিন্ন সামগ্ৰী ৰপ্তানি নকৰাৰ সিদ্ধান্ত লৈছে ইন্দোৰৰ ব্যৱসায়ী সন্থাই ।মধ্যপ্ৰদেশৰ অৰ্থনৈতিক ৰাজধানীৰ পৰাও পাকিস্তানৰ বিৰুদ্ধে আহিছে সকীয়নি । পাকিস্তানলৈ শুকান ফল অৰ্থাৎ ড্ৰাই ফ্ৰুইটছৰ ৰপ্তানি বন্ধৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়ে । ব্যৱসায়ীসকলৰ মতে ইন্দোৰৰ পৰা পাকিস্তানলৈ ৫০ৰ পৰা ১০০ কোটি টকাৰ ড্ৰাই ফ্ৰুইটছ, চেনি আৰু অন্যান্য গেলামালৰ সামগ্ৰী ৰপ্তানি কৰা হয় । কিন্তু এতিয়া ব্যৱসায়ীসকলে এই ৰপ্তানি বন্ধ কৰি দিছে । তেওঁলোকৰ মতে পাকিস্তানলৈ নপঠিয়ালেও আন কেইবাখনো দেশে তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰে ।প্ৰথমবাৰৰ বাবে কোনো এখন চহৰে তেওঁলোকে উৎপাদিত সামগ্ৰী পাকিস্তানলৈ প্ৰেৰণ নকৰাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।এতিয়া পাকিস্তানৰ পৰা আমদানি কৰা অন্যান্য সামগ্ৰীবোৰো নিষিদ্ধ কৰা হৈছে, যি পাকিস্তানৰ বাবে এক গুৰুত্বপূৰ্ণ আঘাত হিচাপে দেখা গৈছে । Share this:FacebookX Related Post navigation অসমৰ ৰন্ধন পৰম্পৰাক পুনৰুজ্জীৱিত কৰাৰ বাবে ছানৰাইজ স্পাইচেছে আগবঢ়াইছে ‘শিপা বিচাৰি’ ছিৰিজ এইচ পিৰ এআই বিপ্লৱ: পৰৱৰ্তী-জেনেৰ পি চিবোৰে প্ৰদৰ্শন, সুৰক্ষা আৰু সৃজনশীলতাক পুনৰ নিৰ্ধাৰণ কৰে