দেশবাসীক সম্বোধন কৰি পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কয় যে ভাৰতে মঙলবাৰে নিশা কৰা ভুলৰ বাবে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।“অপাৰেশ্যন সেন্দূৰ”ৰ জৰিয়তে পহলগামত হেৰুওৱা সেন্দূৰৰ প্ৰতিশোধ ল’লে ভাৰতে। ইফালে সন্ত্ৰাসবাদীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে পাকিস্তানে। এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ভাৰতৰ ওপৰত বৃহৎ আক্ৰমণৰ সকীয়নি দিছে। বুধবাৰে নিশা তেওঁ দেশবাসীক সম্বোধন কৰে। তাত তেওঁ কয় যে, এই আক্ৰমণৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।দেশবাসীক সম্বোধন কৰি তেওঁ কয়, “যোৱা নিশা ভাৰতে কৰা ভুলৰ বাবে ভাৰতে ডাঙৰ মূল্য পৰিশোধ কৰিব লাগিব।” শ্বৰীফে লগতে কয়, “ভাৰতে পাকিস্তানৰ সাৰ্বভৌমত্বক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰিছে। ইয়াৰ প্ৰতিশোধ লোৱা হ’ব। নিৰীহ শ্বহীদৰ প্ৰতিটো টোপাল তেজৰ প্ৰতিশোধ লোৱা হ’ব। ভাৰতে ভয়াৱহ পৰিণতিৰ সন্মুখীন হ’বলৈ সাজু হোৱা উচিত।”

Leave a Reply

Your email address will not be published. Required fields are marked *