২০২৬-২৮ বৰ্ষৰ বাবে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদ (UNHRC)লৈ নিৰ্বাচিত হ’ল ভাৰত । জেনেভাস্থিত মানৱ অধিকাৰ সংস্থাটোত এয়া হ’ব ভাৰতৰ সপ্তম কাৰ্যকাল । মঙলবাৰে অনুষ্ঠিত হোৱা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰি ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে সামাজিক মাধ্যমৰ পোষ্টত কয় যে ভাৰতৰ ৩ বছৰীয়া কাৰ্যকাল ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ।ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্ৰতিনিধি পাৰ্বথানেনী হৰিশে সামাজিক মাধ্যমৰ এটা পোষ্টত সকলো প্ৰতিনিধি দলকে তেওঁলোকৰ অশেষ সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে ভাৰত সপ্তমবাৰৰ বাবে ২০২৬-২৮ বৰ্ষৰ বাবে মানৱ অধিকাৰ পৰিষদলৈ নিৰ্বাচিত হৈছে । এই নিৰ্বাচনে মানৱ অধিকাৰ আৰু মৌলিক স্বাধীনতাৰ প্ৰতি ভাৰতৰ অদম্য দায়বদ্ধতাক প্ৰতিফলিত কৰিছে বুলি কূটনীতিবিদগৰাকীয়ে উল্লেখ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *