মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনস্থ পৰিয়াললৈ ৰাজসাহায্যযুক্ত মচুৰ দাইল, চেনি আৰু নিমখ যোগান আচঁনিৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে। ৰাজ্যৰ প্ৰায় ৩৩ হেজাৰ সুলভ মূল্যৰ দোকানতো আজি মন্ত্রী, বিধায়ক বা স্থানীয় বিশিষ্টব্যক্তিৰ উপস্থিতিত হিতাধিকাৰীসকলৰ অংশগ্রহণেৰে এই উপলক্ষে একোখনকৈ সভা অনুষ্ঠিত হয়। এই সভাসমূহত গুৱাহাটীৰ কেন্দ্ৰীয় অনুষ্ঠানটো পোনপটীয়াকৈ সম্প্ৰচাৰ কৰা হয়।

ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধীনত বৰ্তমান ৰাজ্যখনত থকা প্রায় ৭০ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব। ইয়াৰ জৰিয়তে প্রায় ২ কোটি ৪৫ লাখ হিতাধিকাৰী উপকৃত হ’ব। এই আঁচনিৰ জৰিয়তে প্রতিমাহে প্রতিখন ৰেচন কাৰ্ডৰ বিপৰীতে ৬৯ টকাত এক কিলোগ্রাম মচুৰ দাইল, ৩৮ টকাত এক কিলোগ্রাম চেনি আৰু ১০ টকাত এক কিলোগ্রাম নিমখ দিয়া হ’ব। অর্থাৎ ১১৭ টকাত এটা পৰিয়ালে এই তিনিওবিধ সামগ্রী এক কিলোগ্রামকৈ ক্ৰয় কৰিব পাৰিব। অৱশ্যে এই মূল্য কেৱল নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ বাবেহে প্রযোজ্য হ’ব। ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ২০২৬ চনৰ জানুৱাৰী মাহৰ পৰা এক কিলোগ্রাম মচুৰ দাইল ৬০ টকাত, এক কিলোগ্রাম চেনি ৩০ টকাত আৰু এক কিলোগ্রাম নিমখ ১০ টকাত প্রতিটো পৰিয়ালে লাভ কৰিব।

By Mohini

Leave a Reply

Your email address will not be published. Required fields are marked *