আগন্তক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনলৈ মাজতে প্ৰায় তিনিমাহ মান বাকী থকা অৱস্থাত বিজেপি – অগপ নেতৃত্বাধীন শাসকীয় এন ডি এ মৰ্চাই পুনৰ একেৰাহে তৃতীয়বাৰৰ বাবে শাসনলৈ অহাৰ বাবে কঁকালত টঙালি বন্ধা পৰিলক্ষিত হৈছে । ইফালে নৱগঠিত মধ্য গুৱাহাটী বিধানসভা সমষ্টিটোত আন দলতকৈ অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথ্য পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই দলটোৰ হৈ দিনে নিশাই ৰাজনৈতিক তৎপৰতা অব্যাহত ৰখা পৰিলক্ষিত হৈছে। আনকি বিগত কেইটামান মাহত মধ্য গুৱাহাটীত বিধায়ক কলিতাৰ বিশেষ উদ্যোগত কেবাটাও যোগদান কাৰ্যসূচী সম্পন্ন হৈছে। য’ত অগপ দলৰ আঞ্চলিকতাবাদত বিশ্বাস ৰাখি কংগ্ৰেছ , বিজেপিৰ উপৰিও বিভিন্ন দল সংগঠন, জাতি জনগোষ্ঠীৰ যুৱক – যুৱতী, পুৰুষ – মহিলা নিৰ্বিশেষে এই পৰ্যন্ত সহস্ৰাধিক লোকে অগপ দলত যোগদান কৰি দলটোৰ সাংগঠনিক দিশত নতুন মাত্ৰা প্ৰদান কৰা পৰিলক্ষিত হৈছে। এই ধাৰা অব্যাহত ৰাখি আজি সন্ধিয়াৰ প্ৰাকক্ষণত শীতক নেওচিও বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ উপস্থিতিত পূৰ্বৰ পশ্চিম গুৱাহাটী তথা বৰ্তমানৰ মধ্য গুৱাহাটী সমষ্টিৰ অন্তৰ্গত দুৰ্গা সৰোবৰ আৰু কামাখ্যা গেটত আয়োজিত এক বৃহৎ যোগদান সমাৰোহত কংগ্ৰেছ দলকে ধৰি বিভিন্ন ৰাজনৈতিক মতাদৰ্শৰ পাঁচ শতাধিক লোকে অগপ দলত যোগদান কৰে। এই উপলক্ষে মধ্য গুৱাহাটী বিধান পৰিষদৰ সভাপতি হেমেন ডেকাৰ সভাপতিত্বত দুৰ্গা সৰোবৰ খেলপথাৰত আয়োজিত বিশাল যোগদান সমাৰোহত দলত যোগদান কৰা সকলোকে দলীয় টুপী সম্বলিত প্ৰতীক পৰিধান কৰোৱাই আদৰণি জনাই বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। সমাৰোহত ভাষণ প্ৰসংগত বিধায়ক কলিতাই দলত যোগদান কৰা সকলক আদৰণি জনাই কয় যে আঞ্চলিকতাবাদ অবিহনে অসমৰ জাতি জনগোষ্ঠী সমূহৰ সম বিকাশ সম্ভৱ নহয়। এন ডি মৰ্চাই ২০১৬ চনত অসমত শাসনলৈ অহাৰ পাছৰে পৰা এই সম বিকাশত গুৰুত্ব দিছে। যাৰ বাবে খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলে এন ডি এ মিত্ৰজোটক আঁকোৱালি লোৱাৰ বাবে মিত্ৰজোটে কমেও এশখন আসন লাভ কৰিব। আগন্তুক নিৰ্বাচনটো কেৱল হব সময়ৰহে অপেক্ষা মাথোন। খিলঞ্জীয়া লোকে হৃদয়ৰ পৰা কেতিয়াবাই কংগ্ৰেছ দলটোক বিদায় দিছে। আনহাতে সমাৰোহত মধ্য গুৱাহাটী বিধান পৰিষদৰ সম্পাদক ক্ৰমে ভূপেন ঠাকুৰীয়া, মইনুল হক চৌধুৰী,১৩ নং আৰু ১২ নং ৱাৰ্ডৰ পৰিষদ ক্ৰমে পূৰবী তালুকদাৰ,দীপাংকৰ বৈশ্য, অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সুশান্ত দেৱ চৌধুৰী, মধ্য গুৱাহাটী মহিলা পৰিষদৰ সভানেত্ৰী গীতা ৰাণী কলিতা, সম্পাদিকা গীতা নেওগৰ উপৰিও ইন্দ্ৰজিৎ গোস্বামী , মৃদুল কলিতা, মুকুল কলিতা, ৰতন নাথ, ভাৰ্গৱ শৰ্মা, গোপী বড়ো, জাভেদ আলী, বলৰাম মহন্ত, কমলা প্ৰধান , বলেন কলিতা, ভবেন দাস, ৰাজেশ চক্ৰৱৰ্ত্তী, লক্ষ্মী দাসকে ধৰি অগপ দলৰ কেবাজনো নেতা উপস্থিত চমুকৈ ভাষণ প্ৰদান থাকে। Share this:FacebookX Related Post navigation অসমৰ এছ আৰক লৈ উদ্বিগ্ন বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আমেৰিকাক ৫ কোটি বেৰেল তেল দিব ভেনিজুৱেলাই