আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰতি জনসাধাৰণৰ আস্থা অব্যাহত থকাৰ ইংগিত দিছে এক শেহতীয়া জনমত সমীক্ষাই। ‘ভোট ভাইব’ নামৰ প্ৰতিষ্ঠানটোৱে চলোৱা এই জৰীপ অনুসৰি, মুখ্যমন্ত্ৰী হিচাপে পুনৰ হিমন্ত বিশ্ব শৰ্মাক বিচাৰে ৪৬.৬ শতাংশ লোকে। আনহাতে, ৪১.৭ শতাংশ সমর্থনৰ সৈতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দী হিচাপে থিয় দিছে কংগ্ৰেছ নেতা গৌৰৱ গগৈ।

ৰাজ্যৰ ২,৬১৬ গৰাকী লোকৰ মাজত চলোৱা এই সমীক্ষাত দেখা গৈছে যে চৰকাৰৰ কাম-কাজত ৫৫.৬ শতাংশ লোক সন্তুষ্ট। অৱশ্যে অনুসূচিত জাতিৰ মাজত এই সন্তুষ্টিৰ হাৰ ৭১ শতাংশ হোৱাৰ বিপৰীতে মুছলমান সম্প্ৰদায়ৰ লোকৰ মাজত ই মাত্ৰ ৪৪ শতাংশ। বিশেষকৈ ১৮ৰ পৰা ২৪ বছৰ বয়সৰ যুৱ ভোটাৰৰ মাজত গৌৰৱ গগৈৰ জনপ্ৰিয়তা অধিক। এই বয়সৰ ৬১ শতাংশ যুৱকে গগৈক মুখ্যমন্ত্ৰী হিচাপে পছন্দ কৰাৰ বিপৰীতে মাত্ৰ ২৫ শতাংশই শৰ্মাৰ প্ৰতি সমৰ্থন জনাইছে।

সমীক্ষাটোৱে ভোটাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ সমস্যা চিহ্নিত কৰিছে। ২৫.৬ শতাংশ লোকৰ বাবে নিবনুৱা সমস্যাই আটাইতকৈ ডাঙৰ চিন্তাৰ বিষয় হৈ পৰিছে। ইয়াৰ পাছতে বানপানী আৰু পুনৰ্সংস্থাপন (১৯.৬ শতাংশ) তথা নিচাজাতীয় দ্ৰব্যৰ প্ৰচলনৰ (১২.৯ শতাংশ) স্থান। ইফালে, চৰকাৰৰ বিৰুদ্ধে থকা ক্ষোভৰ মূল কাৰণ হিচাপে ধৰা দিছে আকাশলংঘী মূল্যবৃদ্ধি। ৩৬.৩ শতাংশ লোকে বৰ্ধিত দৰদামক লৈ নিজৰ অসন্তুষ্টি প্ৰকাশ কৰিছে।

মুখ্যমন্ত্ৰীৰ বিতৰ্কিত ‘মিঞা’ মন্তব্যৰ সন্দৰ্ভতো সমীক্ষাত মত গ্ৰহণ কৰা হৈছে। ৫৫.৪ শতাংশ লোকে এই মন্তব্যক সমৰ্থন জনোৱাৰ বিপৰীতে ২১.৭ শতাংশই ইয়াৰ বিৰোধিতা কৰিছে। বিশেষকৈ সাধাৰণ শ্ৰেণীৰ ৮৩ শতাংশ আৰু মহিলাৰ ৬১ শতাংশই এই মন্তব্যক সমৰ্থন কৰিছে। আনহাতে, চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহে নিৰ্বাচনত বিজেপিৰ ভোট বেংক শক্তিশালী কৰাত সহায় কৰিব বুলি ৫৪.২ শতাংশ লোকে বিশ্বাস কৰে।

সামগ্ৰিকভাৱে এই জনমত সমীক্ষাই আগন্তুক নিৰ্বাচনত শাসকীয় পক্ষৰ বাবে এক যোগাত্মক ছবি দাঙি ধৰিছে যদিও অৰ্থনৈতিক সমস্যা আৰু যুৱ প্ৰজন্মৰ একাংশৰ বিৰূপ মনে বিৰোধীৰ বাবেও সম্ভাৱনা মুকলি ৰাখিছে। আইন-শৃংখলা আৰু আন্তঃগাঁথনিৰ উন্নয়নক চৰকাৰৰ সফল দিশ হিচাপে ৰাইজে গণ্য কৰিলেও নিবনুৱা আৰু মূল্যবৃদ্ধিৰ দৰে বিষয়সমূহে নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰাৰ থল আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *