ৰাজধানী গুৱাহাটী মহানগৰীত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অপৰাধজনিত ঘটনা। স্মার্ট আৰক্ষীৰ চকুত ধূলি দি মহানগৰীত দৈনিক সংঘটিত হৈছে এটাৰ পিছত আন এটা অপৰাধজনিত ঘটনা। মহানগৰীত চলিত বৰ্ষত যোৱা ১০ মাহত ২,৩০৯ টা চুৰি আৰু ডকাইতিৰ দৰে ঘটনা সম্পৰ্কীয় গোচৰ ৰুজু হৈছে। এই তথ্য প্রকাশ কৰিছে অসম আৰক্ষীয়ে।

প্ৰকাশ কৰা তথ্য অনুসৰি চলিত বৰ্ষত অক্টোবৰলৈ ১,৭৪২ টা চুৰি কাণ্ড, ৪০৫ টা বলপূর্বক চুৰি, ১৬০ টা দলীয় ডকাইতিকাণ্ড আৰু ২ টাকৈ ডকাইতি কাণ্ড সংঘটিত হৈছে। ২০২৩ বর্ষত ২,৭৪৫ টা চুৰিকাণ্ড, ৭৪০ টা বলপূর্বক চুৰি , ২৬৩ টা দলীয় ডকাইতিকাণ্ড আৰু ৪ টা ডকাইতি ঘটনা সংঘটিত হৈছিল।

একেদৰে ২০২২ বৰ্ষত ২,৮৩২ টা চুৰিকাণ্ড, ৫৮৪ টা বলপূর্বক চুৰি, ২২২ টা দলীয় ডকাইতিকাণ্ড আৰু ৭ টা ডকাইতিৰ গোচৰ ৰুজু হৈছে। ২০২১ বর্ষত চুৰিকাণ্ড সম্পৰ্কীয় গোচৰ ৪,৪৯২ টা, ডকাইতি বলপূর্বক চুৰি ১,০৭০ টা আৰু দলীয় ডকাইতিৰ ৮৪৫ টা গোচৰ মহানগৰীত ৰুজ হৈছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *