মেক্স লাইফ ইঞ্চুৰেন্স কোম্পানী লিমিটেডে(“মেক্স লাইফ/ “কোম্পানী), ২০২৩-২৪ বিত্তীয় বৰ্ষত ১২৫৪.৩৯ কোটি টকাৰ ১৯,৫৬৯টা ব্যক্তিগত মৃত্যুৰ দাবী(ডেথ ক্লেইম) নিষ্পত্তি কৰাৰ কথা প্ৰকাশ কৰিছে। এই অভিলেখসংখ্যক ব্যক্তিগত ডেথ ক্লেইমৰ নিষ্পত্তিৰে ডেথ ক্লেইম পেইড অনুপাত হৈছেগৈ ৯৯.৬৫%। যোৱা পাঁচ বছৰত মেক্স লাইফৰ ক্লেইম পেইড ৰেচিঅ’ ২০২০ বিত্তীয় বৰ্ষত ৯৯.২২%ৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত ৯৯.৬৫%লৈ বৃদ্ধি পাইছে, যাৰ ফলত কোম্পানীটো নিউ ‘ইণ্ডিয়া কে ভৰোছে কা নাম্বাৰ’* হৈ পৰিছে। মেক্স লাইফ ইঞ্চুৰেন্সে আৰম্ভণিৰে পৰা ২০২,৮৩০টা পলিচিৰ ডেথ ক্লেইম(মৃত্যুৰ দাবী)ৰ বিপৰীতে ৮,৬৭৯ কোটি টকা প্ৰদান কৰিছে। গ্ৰাহকৰ দাবীসমূহ যিমান পাৰি দ্ৰুততাৰে প্ৰচেছ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ মেক্স লাইফ। একেদিনাই প্ৰায় ৪৮% শতাংশ নন-আৰ্লি ক্লেইম (তিনি বছৰৰ ওপৰৰ পলিচীৰ বিপৰীতে ক্লেইম) নিষ্পত্তি কৰিছে মেক্স লাইফে। উচ্চ বিপদজনক অঞ্চল চিনাক্ত কৰা, প্ৰৱঞ্চনা ধৰা পেলোৱা আৰু ভুৱা দাবী(ফলছ ক্লেইম)ৰ সম্ভাৱনা মূল্যায়ন কৰা বুদ্ধিমত্তাসম্পন্ন ব্যৱস্থাৰ বাবে মেক্স লাইফৰ ক্লেইম পেইড অনুপাত ২০২৩ বিত্তীয় বৰ্ষত ৯৯.৫১%ৰ পৰা ২০২৪ বিত্তীয় বৰ্ষত ৯৯.৬৫%লৈ উন্নত হৈছে। মেক্স লাইফৰ চিইঅ’ আৰু পৰিচালন সঞ্চালক প্ৰশান্ত ত্ৰিপাঠীয়ে এই বিষয়ে কয় যে, “এই সামগ্ৰিক ব্যৱস্থাই নিশ্চিত কৰে যে আমি কেৱল আমাৰ গ্ৰাহকসকলৰ প্ৰয়োজনৰ সময়তে নহয়, লগতে প্ৰতিটো খোজতে গ্ৰাহকসকলক নিৰ্ভৰযোগ্যতা আৰু সুৰক্ষা প্ৰদান কৰি শক্তিশালী কৰি তুলিছোঁ।” Share this:FacebookX Related Post navigation আধুনিক মহিলাক সন্মান জনাই পিজিআই ইণ্ডিয়া আৰু চেংকো গোল্ড এণ্ড ডাইমণ্ডছে সহযোগিতাৰে মুকলি কৰিলে প্লেটিনাম ইভাৰাৰ নোভা কালেকচন ভি মুভিজ আৰু টিভি এপে ব্যৱহাৰকাৰীসকলক ক্ৰীড়া প্ৰতিযোগিতাবোৰ ষ্ট্ৰীম কৰিবলৈ এটা একক চাবস্ক্ৰিপশ্বন প্লেন প্ৰদান কৰে