বাংলাদেশত হিন্দু ধৰ্মীয় সংখ্যালঘুৰ ওপৰত চলি থকা আক্ৰমণৰ ধাৰাবাহিকতাত আন এক মৰ্মান্তিক ঘটনা সংযোজিত হৈছে। দেওবাৰে নিশা চট্টগ্ৰামৰ দাগনভূঞাত ২৮ বছৰীয়া এজন হিন্দু অটো-ৰিক্সা চালক সমীৰ দাসক দুষ্কৃতিকাৰীয়ে পিটি পিটি আৰু ছুৰীৰে আঘাত কৰি হত্যা কৰে। এই নিষ্ঠুৰ হত্যাকাণ্ডৰ পাছতে অপৰাধীৰ দলটোৱে সমীৰৰ বেটাৰীচালিত অটো-ৰিক্সাখন লুটি লৈ ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

দাগনভূঞা আৰক্ষীয়ে জনোৱা মতে, এইটো এটা পৰিকল্পিত হত্যাকাণ্ড বুলি প্ৰাথমিক তদন্তত ধাৰণা কৰা হৈছে। আৰক্ষী বিষয়াগৰাকীয়ে কয় যে, “সমীৰক দেশীয় অস্ত্ৰৰে আঘাত কৰি অতি নিষ্ঠুৰভাৱে হত্যা কৰা হৈছে। আমি ইতিমধ্যে দোষীক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ অভিযান আৰম্ভ কৰিছোঁ।” ভুক্তভোগীৰ পৰিয়ালে এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰিব বুলিও আৰক্ষীয়ে জানিবলৈ দিয়ে।

বাংলাদেশৰ মুঠ ১৭ কোটি জনসংখ্যাৰ ভিতৰত হিন্দু ধৰ্মীয় সংখ্যালঘুৰ সংখ্যা ১০ শতাংশতকৈও কম। ২০২৪ চনৰ গণ-অভ্যুত্থানৰ পাছৰ পৰাই দেশখনত ইছলামিক চৰমপন্থী শক্তিসমূহৰ উত্থান আৰু সংখ্যালঘুৰ ওপৰত চলি থকা নিৰ্যাতনে বিশ্বজুৰি উদ্বেগৰ সৃষ্টি কৰিছে। ‘বাংলাদেশ হিন্দু বৌদ্ধ খ্ৰীষ্টান ঐক্য পৰিষদে’ দেশখনত ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বৃদ্ধি পোৱা সাম্প্ৰদায়িক হিংসাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ মতে, অহা ফেব্ৰুৱাৰী মাহত হ’বলগীয়া ৰাষ্ট্ৰীয় নিৰ্বাচনৰ পূৰ্বে এনে হিংসাত্মক ঘটনা ভয়াৱহ হাৰত বৃদ্ধি পাইছে।

ইফালে, ভাৰত চৰকাৰেও বাংলাদেশত সংখ্যালঘুসকলৰ সুৰক্ষাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰি আহিছে। ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে শুক্ৰবাৰে কয় যে, “আমি বাংলাদেশত সংখ্যালঘুৰ ঘৰ-দুৱাৰ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰত ধাৰাবাহিক আক্ৰমণ প্ৰত্যক্ষ কৰিছোঁ। এনে সাম্প্ৰদায়িক ঘটনাবোৰৰ বিৰুদ্ধে কঠোৰ আৰু দ্ৰুত ব্যৱস্থা গ্ৰহণ কৰাটো অতি জৰুৰী।” ভাৰতে লগতে অভিযোগ কৰে যে বাংলাদেশ চৰকাৰে এনে সাম্প্ৰদায়িক আক্ৰমণক ব্যক্তিগত শত্ৰুতা বুলি অভিহিত কৰি বিষয়টো পাতল কৰিব বিচাৰিছে, যাৰ ফলত চৰমপন্থী উপাদানসমূহ অধিক উৎসাহিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *