গুৱাহাটীৰ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত অমৃতপ্ৰভা মহন্ত, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ জামিন আবেদনৰ সন্দৰ্ভত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। আদালতে এই জামিন আবেদনৰ ৰায়দান বৰ্তমানৰ বাবে স্থগিত ৰাখিছে আৰু আগামী ৩০ জানুৱাৰী তাৰিখে পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰিছে। উক্ত শুনানিত আদালত জামিন মঞ্জুৰ কৰা হ’ব নে নাই, সেই সন্দৰ্ভত চূড়ান্ত ৰায়দানৰ সম্ভাৱনা থাকে। আনহাতে, জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ গোচৰৰ এক নাটকীয় পৰিৱেশত অভিযুক্ত সন্দীপন গাৰ্গ আৰু শ্যামকানু মহন্তে আদালতৰ পৰা নিজৰ জামিন আবেদন প্ৰত্যাহাৰ কৰিছে। আদালতক অৱগত কৰাত তেওঁলোকে উল্লেখ কৰিছে যে বৰ্তমানৰ বাবে জামিনৰ আবেদন উঠাই ল’ব বিচাৰে। এই গোচৰটোৰ আইনী প্ৰক্ৰিয়া এতিয়া নতুন ঘূৰ্ণনাত প্রবাহিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *