পশ্চিম এছিয়াত ইৰাণ আৰু আমেৰিকাৰ মাজত বৃদ্ধি পোৱা সামৰিক উত্তেজনাৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া ভাৰতীয় বিমান পৰিবহন খণ্ডতো পৰিছে। দেওবাৰে লক্ষ্ণৌৰ চৌধুৰী চৰণ সিং আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উপসাগৰীয় দেশসমূহলৈ যোৱা প্ৰায় ১৭ খনকৈ বিমান বাতিল কৰিবলগীয়া হয়। ইয়াৰ ফলত প্ৰায় ২৫০০ যাত্ৰী চৰম হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ লগতে বিমানবন্দৰত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়। উপসাগৰীয় দেশসমূহৰ পৰা অহা আৰু যোৱা বিমানৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰাৰ ফলত আবু ধাবি, শ্বাৰজাহ, ডুবাই, ৰিয়াদ, মছকট আৰু দাম্মামৰ যাত্ৰীসকল আটাইতকৈ বেছি প্ৰভাৱিত হৈছে। কেৱল লক্ষ্ণৌৱেই নহয়, চুবুৰীয়া জিলা যেনে বাহৰাইচ, চুলতানপুৰ, বলৰামপুৰ আৰু মউৰ পৰা কৰ্মসংস্থাপনৰ বাবে বিদেশলৈ যাবলৈ ওলোৱা কেইবাশ লোক এতিয়া অনিশ্চয়তাৰ মাজত দিন কটাবলগীয়া হৈছে। বিমানবন্দৰ কৰ্তৃপক্ষৰ এজন বিষয়াই জনোৱা মতে, আকাশমাৰ্গৰ নিৰাপত্তাজনিত কাৰণত বিমান সংস্থাসমূহে এই জৰুৰী সিদ্ধান্ত গ্ৰহণ কৰিছে। বাতিল হোৱা বিমানৰ যাত্ৰীসকলক টিকটৰ ধন ওভতাই দিয়াৰ লগতে বিকল্প ব্যৱস্থাৰ বাবেও আলোচনা চলিছে। যুদ্ধৰ আশংকাই কেৱল বিমান পৰিবহন নহয়, আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰতো এতিয়া এক ক’লা ডাৱৰ কঢ়িয়াই আনিছে। পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ৰাখি কেন্দ্ৰীয় চৰকাৰেও পশ্চিম এছিয়াত থকা ভাৰতীয় নাগৰিকসকলৰ নিৰাপত্তাৰ বাবে বিশেষ নিৰ্দেশনা জাৰি কৰিছে। ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাত যিমানেই বৃদ্ধি পাব, সিমানেই আন্তঃৰাষ্ট্ৰীয় বিমানৰ সময়সূচী অধিক অনিশ্চিত হৈ পৰাৰ সম্ভাৱনা আছে। Share this:FacebookX Related Post navigation এনপিএফৰ মুখ্য সচেতক হিচাপে কে জি কেনিয়েক দায়িত্ব; কাইলৈৰ পৰা নাগালেণ্ড বিধানসভাৰ বাজেট অধিৱেশন পাকিস্তানৰ আক্ৰমণৰ প্ৰত্যুত্তৰ তালিবানৰঃ বিধ্বস্ত ৰাৱালপাণ্ডিৰ বিমান ঘাটি