অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ আজিও অব্যাহত আছে ৰহস্য। ইয়াৰ মাজতে ১৭ ডিচেম্বৰত এক সংবাদমেল সম্বোধন কৰি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে বিশেষ তদন্তকাৰী গোটৰ (SIT) চাৰ্জশ্বীটৰ উদ্ধৃতি দি সাতজন অভিযুক্তৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত জুবিনৰ মৃত্যুৰ আঁৰত গভীৰ ষড়যন্ত্ৰ আৰু অপৰাধমূলক গাফিলতি থকাৰ তথ্য এতিয়া পোহৰলৈ আহিছে।

চাৰ্জশ্বীট অনুসৰি, মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে আটাইতকৈ ভয়ংকৰ অভিযোগ অনা হৈছে। জুবিনক অসুস্থ আৰু নিচাসক্ত অৱস্থাত পানীত নমাই দিয়াৰ লগতে তেওঁ বিপদত পৰাৰ সময়ত ‘যাব দে, যাব দে’ বুলি কৈ উদ্ধাৰত বাধা দিয়াৰ অভিযোগ উঠিছে। আনহাতে, জুবিনৰ ঘনিষ্ঠ শেখৰ জ্যোতি গোস্বামীয়েও জুবিনক পানীত নামিবলৈ উচটনি দিছিল আৰু বিপদৰ সময়ত আনক মিছা আশ্বাস দিছিল বুলি চাৰ্জশ্বীটত উল্লেখ কৰা হৈছে।

ইফালে নৰ্থ ইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তই জুবিনক নিষিদ্ধ ঘোষণা কৰা সুৰা যোগান ধৰা আৰু অমৃতপ্ৰভা মহন্তই জুবিনক মাত্ৰাধিক সুৰাপান কৰিবলৈ উচটনি দিয়াৰ অভিযোগ উত্থাপন হৈছে। আনকি জুবিন ডুবি যোৱাৰ সময়ত অমৃতপ্ৰভাই ভিডিঅ’ কৰি আছিল বুলিও অভিযোগ কৰা হৈছে। আনহাতে, জুবিনৰ সম্পৰ্কীয় ভাতৃ ডিএছপি সন্দীপন গাৰ্গৰ বিৰুদ্ধেও গাফিলতিৰ অভিযোগ অনা হৈছে।

ইতিমধ্যে চাৰিজন অভিযুক্তৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ইয়াক এটা পৰিকল্পিত হত্যাকাণ্ড বুলি অভিহিত কৰিছে। অৱশ্যে অখিল গগৈয়ে এই তদন্তক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলিও

Leave a Reply

Your email address will not be published. Required fields are marked *