জনস্বাস্থ্য সুৰক্ষাৰ বাবে এক বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি মহাৰাষ্ট্ৰৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যখনৰ সকলো কীটনাশক পৰিদৰ্শকক “কম্ফৰ্ট” আৰু “শ্লীপ ৱেল” ব্ৰেণ্ড নামেৰে বিক্ৰী কৰা অবৈধ মহৰ অগৰবট্টী বিক্ৰীৰ বিৰুদ্ধে তাৎক্ষণিক কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। চৰকাৰে কীটনাশক আইন, ১৯৬৮ আৰু কীটনাশক অধিনিয়ম, ১৯৭১ৰ অধীনত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ নিৰ্দেশ দিছে, য’ত অভিযান, জব্দ, উলংঘাকাৰীৰ বিৰুদ্ধে গোচৰ চলোৱা আদিও উল্লেখ আছে। ভাৰতত ঘৰুৱা কীটনাশকৰ নিৰাপদ আৰু দায়িত্বশীল ব্যৱহাৰক প্ৰসাৰিত কৰা অ-লাভজনক উদ্যোগ সংস্থা হোম ইনচেক্ট কণ্ট্ৰল এছ’চিয়েচনে চৰকাৰৰ এই নিৰ্ণায়ক পদক্ষেপক আদৰণি জনাইছে। যোৱা কেইবামাহো ধৰি এইচআইচিএ-ই কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰি আহিছে আৰু অনুমোদিত নোহোৱা ৰাসায়নিক পদাৰ্থ থকা মহনাশক অগৰবট্টিক লৈ উদ্বেগ প্ৰকাশ কৰি আহিছে। অন্ধ্ৰ প্ৰদেশৰ শ্লীপ ৱেল আৰু মুম্বাইৰ কম্ফৰ্টৰ পূৰ্বৰ তদন্তত পৰীক্ষাগাৰৰ পৰীক্ষাৰ জৰিয়তে অবৈধ আৰু অনুমোদিত নোহোৱা কীটনাশকৰ উপস্থিতি নিশ্চিত কৰা হৈছিল, যাৰ ফলত একাধিক ৰাজ্যত নিয়ন্ত্ৰণমূলক তদন্ত আৰু কাৰ্যকৰী ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজন হৈছিল। মুম্বাই মহানগৰীত অভিযান আৰু ‘কম্ফৰ্ট’ৰ ওপৰত নিষেধাজ্ঞাৰ মাত্ৰ ১৫ দিনৰ ভিতৰতে মহাৰাষ্ট্ৰ চৰকাৰে ৰাজ্যজুৰি নিজৰ পদক্ষেপ ত্বৰান্বিত কৰিছে, সমগ্ৰ ৰাজ্যখনত দুয়োটা সামগ্ৰীৰ বিক্ৰী নিয়ন্ত্ৰণ কৰিবলৈ এক নতুন বিজ্ঞপ্তি জাৰি কৰিছে। ইয়াৰ পিছতে মহাৰাষ্ট্ৰৰ কৃষি সঞ্চালকে কৃষি আৰু কীটনাশক পৰিদৰ্শকৰ সকলো বিভাগীয় যুটীয়া সঞ্চালকলৈ ৰাজ্যজুৰি জাননী জাৰি কৰি “কম্ফৰ্ট” আৰু “শ্লীপ ৱেল” মহনাশক আগৰবট্টি বিক্ৰী কৰা খুচুৰা বিক্ৰেতা আৰু বিতৰকসকলৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰাৰ কঠোৰ নিৰ্দেশ দিছে। মহাৰাষ্ট্ৰ চৰকাৰে বিক্ৰেতা আৰু বিতৰকসকলক সতৰ্ক কৰি দিছে যে, পঞ্জীয়নভুক্ত নোহোৱা কীটনাশক সামগ্ৰীৰ বিক্ৰী আৰু বিতৰণ আইনৰ অধীনত অবৈধ আৰু শাস্তিযোগ্য, সেয়েহে সকলো খুচুৰা বিক্ৰেতাক এই সামগ্ৰীসমূহ মজুত কৰা আৰু বিক্ৰী কৰা তৎক্ষণাত বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। হোম ইনচেক্ট কণ্ট্ৰল এছ’চিয়েচন(হাইকা)ৰ সচিব জয়ন্ত দেশপাণ্ডেই কয় যে, “আমি মহাৰাষ্ট্ৰ চৰকাৰক কম্ফৰ্ট আৰু শ্লীপ ৱেলৰ দৰে অবৈধ মহনাশক অগৰবট্টিৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু সময়োপযোগী পদক্ষেপ লোৱাৰ বাবে প্ৰশংসা কৰিছোঁ।” হাইকাই খুচুৰা বিক্ৰেতা আৰু বিতৰকসকলক নিয়ন্ত্ৰণমূলক প্ৰয়োজনীয়তাসমূহ সম্পূৰ্ণৰূপে পালন কৰাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে আৰু গ্ৰাহকসকলক কেৱল মহনাশক ঔষধ কিনিবলৈ পৰামৰ্শ দিছে, যিবোৰৰ পেকেজিঙত বৈধ চিআইআৰ (কেন্দ্ৰীয় কীটনাশক পঞ্জীয়ন) নম্বৰ থাকে। Share this:FacebookX Related Post navigation অৰ্গেনিক ইণ্ডিয়াই উন্মোচন কৰিলে থিমযুক্ত গিফ্ট ক্ৰিকেটপ্ৰেমীৰ বাবে সুখবৰ