উচ্চতম ন্যায়ালয়ে সোমবাৰে ২০২০ চনৰ দিল্লী সংঘৰ্ষৰ গোচৰত কাৰাগাৰত বন্দী হৈ থকা ছাত্ৰ নেতা উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ জামিন আবেদন নাকচ কৰে। বিগত কেইবাবছৰ ধৰি কাৰাবাস খাটি থকা এই দুই অভিযুক্তই দিল্লী উচ্চ ন্যায়ালয়ৰ জামিন অস্বীকাৰৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই শীৰ্ষ আদালতৰ দ্বাৰস্থ হৈছিল। ন্যায়াধীশ অৰবিন্দ কুমাৰ আৰু ন্যায়াধীশ এন ভি আনজাৰিয়াৰ বিচাৰপীঠে গোচৰটোৰ গুৰুত্ব বিবেচনা কৰি এই ৰায় প্ৰদান কৰে। আদালতে কয় যে আন অভিযুক্তসকলৰ তুলনাত উমৰ খালিদ আৰু ছাৰ্জিল ইমামৰ বিৰুদ্ধে থকা অভিযোগসমূহ গুণগতভাৱে অধিক গুৰুতৰ। অৱশ্যে উচ্চতম ন্যায়ালয়ে এই একেটা গোচৰতে অভিযুক্ত আন পাঁচজন লোক ক্ৰমে গুলফিছা ফাতিমা, মীৰান হাইদৰ, শ্বিফা উৰ ৰহমান, মহম্মদ চেলিম খান আৰু শ্বাদাব আহমদক জামিনত মুক্তি দিয়াৰ নিৰ্দেশ দিয়ে। আদালতে স্পষ্ট কৰি দিয়ে যে এই পাঁচজনৰ জামিনে তেওঁলোকৰ বিৰুদ্ধে থকা অভিযোগসমূহ লঘু হোৱাটো নুবুজায়। মুক্ত কৰি দিয়া পাঁচজন অভিযুক্তৰ বাবে আদালতে ১২টা চৰ্ত নিৰ্ধাৰণ কৰি দিছে। এই চৰ্তসমূহৰ যিকোনো এটা উলংঘা কৰিলে তেওঁলোকৰ জামিন বাতিল হ’ব বুলি সতৰ্কবাণী প্ৰদান কৰা হৈছে। ইফালে দিল্লী আৰক্ষীয়ে জামিনৰ বিৰোধিতা কৰি আদালতত যুক্তি দিছিল যে ২০২০ চনৰ এই সংঘৰ্ষ ভাৰতৰ সাৰ্বভৌমত্বৰ বিৰুদ্ধে এক সুপৰিকল্পিত আক্ৰমণ আছিল। আনহাতে ছাৰ্জিল ইমামে তেওঁক কোনো প্ৰমাণ বা দোষী সাব্যস্ত নোহোৱাকৈয়ে বুদ্ধিজীৱী সন্ত্ৰাসবাদী বুলি অভিহিত কৰা হৈছে বুলি আদালতত আপত্তি দৰ্শায়। Share this:FacebookX Related Post navigation প্ৰবীণ সাংবাদিক তথা বিশিষ্ট বুদ্ধিজীৱী হাইদৰ হুছেইনলৈ ‘চ্যুকাফা বঁটা’ চলিত মাহতেই পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ