কোটি কোটি ৰেল যাত্ৰীৰ যাত্ৰাকালীন সুৰক্ষা আৰু আসনৰ স্বচ্ছতা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় ৰেল মন্ত্ৰণালয়ে গ্ৰহণ কৰিছে এক বিশেষ পদক্ষেপ। এতিয়াৰে পৰা কোনো যাত্ৰীয়ে নিজৰ নিৰ্ধাৰিত বৰ্ডিং ষ্টেচনত ৰেলত উঠিবলৈ সক্ষম নহ’লে টি টি ইয়ে পৰৱৰ্তী ষ্টেচনলৈ অপেক্ষা নকৰাকৈয়ে তেওঁৰ আসনখন বাতিল কৰিব। ৰেলখন ষ্টেচনৰ পৰা প্ৰস্থান কৰাৰ মুহূৰ্ততে যদি কোনো যাত্ৰীক নিজৰ আসনত বিচাৰি পোৱা নাযায়, তেন্তে টি টি ইয়ে তেওঁলোকৰ হেণ্ডহেল্ড ডিভাইচত লগে লগে ‘নট টাৰ্ণ আপ’ বুলি এণ্ট্ৰি কৰাৰ ব্যৱস্থা কৰিছে। ৰেল মন্ত্ৰণালয়ে এই নতুন ডিজিটেল ছফটৱেৰৰ জৰিয়তে খালী আসনৰ সঠিক ব্যৱহাৰ কৰিবলৈ ৰেল তথ্য প্ৰণালী কেন্দ্ৰক কঠোৰ নিৰ্দেশ দিছে। এই প্ৰক্ৰিয়াৰ ফলত আটাইতকৈ বেছি উপকৃত হ’ব ৱেইটিং লিষ্ট আৰু আৰ এ চি টিকট থকা যাত্ৰীসকল। টি টি ইয়ে আসন খালী হোৱাৰ তথ্য চিস্টেমত আপলোড কৰাৰ লগে লগে স্বয়ংক্ৰিয়ভাৱে পৰৱৰ্তী যোগ্য যাত্ৰীজনৰ নামত সেই আসনখন আবণ্টন হ’ব আৰু তেওঁৰ মোবাইললৈ এক কনফৰ্মেশ্যন মেচেজ প্ৰেৰণ কৰা হ’ব। ৰেল বিশেষজ্ঞসকলৰ মতে, যাত্ৰীসকলে এতিয়াৰে পৰা যাত্ৰাৰ ক্ষেত্ৰত পূৰ্বতকৈ অধিক সাৱধানতা অৱলম্বন কৰাটো বাঞ্ছনীয়। কোনো কাৰণত যদি এজন যাত্ৰীয়ে পূৰ্বৰ নিৰ্ধাৰিত ষ্টেচনৰ পৰিৱৰ্তে আন এটা ষ্টেচনৰ পৰা ৰেলত উঠিব বিচাৰে, তেন্তে তেওঁ চাৰ্ট প্ৰস্তুত হোৱাৰ ২৪ ঘণ্টা পূৰ্বেই নিজৰ বৰ্ডিং ষ্টেচন সলনি কৰি ল’ব লাগিব। অন্যথা আসনখন এবাৰ আন যাত্ৰীৰ নামত আবণ্টিত হ’লে টি টি ইৰ ওচৰত পুনৰ সেই আসনখন দাবী কৰাৰ কোনো সুযোগ নাথাকিব। ৰেলৱেৰ এই শেহতীয়া পদক্ষেপক আধুনিকীকৰণৰ দিশত এক শক্তিশালী সিদ্ধান্ত হিচাপে গণ্য কৰা হৈছে। ইয়াৰ ফলত আসন আবণ্টনৰ নামত চলি অহা দুৰ্নীতি হ্ৰাস পোৱাৰ লগতে সমগ্ৰ প্ৰক্ৰিয়াটো ৰিয়েল টাইম ভিত্তিত অধিক ক্ষিপ্ৰ আৰু স্বচ্ছ হৈ পৰিব বুলি আশা কৰা হৈছে। Share this:FacebookX Related Post navigation গুৱাহাটীত ফ্লেগশ্বিপ শ্ব’ৰুম মুকলিৰ জৰিয়তে উত্তৰ-পূবৰ বিলাসী গহণাৰ বজাৰত প্ৰৱেশ এনচিবিৰ এন্ধাৰ খনিত মৃত্যু কিৰিলি—মেঘালয়ত ৰেট-হোল মাইনিঙত ১৮ শ্ৰমিক নিহত