আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজনৈতিক বতাহ ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰাৰ মাজতে বিৰোধী ঐক্যক লৈ এক ডাঙৰ মন্তব্য কৰিছে অসম জাতীয় পৰিষদৰ (অজাপ) নেতা চিত্তৰঞ্জন বসুমতাৰীয়ে। বৃহস্পতিবাৰে সৰুপথাৰ সমষ্টিত অজাপৰ সম্ভাৱ্য প্ৰাৰ্থী জীৱন চুতীয়াৰ হৈ প্ৰচাৰ চলাবলৈ উপস্থিত হৈ বসুমতাৰীয়ে কয় যে বিৰোধীৰ আসন বুজাবুজিৰ আনুষ্ঠানিক ঘোষণা হোৱাৰ লগে লগে অসমৰ ৰাজনীতিত ভূমিকম্প নহয়, ‘ছুনামি’ আহিব। তেওঁৰ মতে, বিৰোধী ঐক্যবদ্ধ হ’লে এইবাৰ বিজেপি চৰকাৰ শাসনলৈ অহাটো অসম্ভৱ।

সৰুপথাৰ সমষ্টিত বৰ্তমানৰ বিজেপি বিধায়ক বিশ্বজিৎ ফুকনৰ বিৰুদ্ধে বিৰোধীয়ে এক শক্তিশালী যুঁজৰ প্ৰস্তুতি চলাইছে। বসুমতাৰীয়ে দাবী কৰা মতে, সৰুপথাৰত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ স্থিতি মজবুত হ’লেও এই সমষ্টিটো কেৱল অসম জাতীয় পৰিষদৰ হাতত থাকিলেহে বিজেপিৰ পৰা উদ্ধাৰ কৰিব পৰা যাব। তেওঁ কয়, “আমি ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। সৰুপথাৰত আমাৰ শক্তি যথেষ্ট বৃদ্ধি পাইছে আৰু শেহতীয়াকৈ বিজেপি ত্যাগ কৰি অহা জীৱন চুতীয়াই দলক অধিক শক্তিশালী কৰি তুলিছে।”

অজাপ নেতাগৰাকীয়ে লগতে উল্লেখ কৰে যে সৰুপথাৰৰ লগতে বিন্নাকান্দি সমষ্টিও দলটোৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ। যিহেতু সৰুপথাৰ কংগ্ৰেছৰ এক পুৰণি দুৰ্গ আছিল, সেয়েহে তাত বিৰোধীৰ মাজত আসন বুজাবুজি কেনে হয়, সেয়া এতিয়া লক্ষণীয় বিষয়। বৰ্তমান কংগ্ৰেছৰ পৰা অমৃত কুমাৰ বুঢ়াগোঁহাই, পল্লৱ চেতিয়া আৰু ৰত্ন গগৈয়ে টিকটৰ বাবে আবেদন জনাইছে। অৱশ্যে বসুমতাৰীয়ে স্পষ্ট কৰি দিয়ে যে বিৰোধী ঐক্যৰ খাতিৰত তেওঁলোকে কংগ্ৰেছক সহায় কৰিবলৈ সাজু, কিন্তু সৰুপথাৰত নিৰ্বাচন খেলিবলৈ তেওঁলোক এতিয়া দৃঢ়পৰিকৰ।

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিৰোধী শিবিৰত আসন ভাগ-বাটোৱাৰাক লৈ চলা এই চৰ্চাই শাসকীয় বিজেপিৰ বাবেও এক প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। চিত্তৰঞ্জন বসুমতাৰীৰ মতে, দুই-এদিনৰ ভিতৰতে প্ৰাৰ্থী ঘোষণা আৰু আসন বুজাবুজিৰ আলোচনা চূড়ান্ত হ’ব। ৰাজ্যৰ জনসাধাৰণে বিজেপিৰ পৰা পৰিত্ৰাণ বিচাৰিছে বুলি দাবী কৰি তেওঁ কয় যে বিৰোধীৰ এই মিত্ৰতাই নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণ সলাই পেলাব।

Leave a Reply

Your email address will not be published. Required fields are marked *