আইচিআইচিআই বেংক আৰু টাটা মেম’ৰিয়েল চেণ্টাৰ(টিএমচি)-এ যৌথভাৱে বিশাখাপট্টনমৰ হোমি ভাবা কেন্সাৰ হাস্পতাল আৰু গৱেষণা কেন্দ্ৰ(এইচবিচিএইচআৰচি)ত অত্যাধুনিক কেন্সাৰ কেয়াৰ হাস্পতালৰ আধাৰশিলা স্থাপন কৰে। ৫৫০ কোটিতকৈ অধিক বিনিয়োগেৰে নিৰ্মাণ হ’ব লগা আইচিআইচিআই ফাউণ্ডেচন ব্লক ফৰ চাইল্ড এণ্ড ব্লাড কেন্সাৰ হাস্পতালখন সম্পূৰ্ণ হ’লে দক্ষিণ ভাৰতত বিশেষ স্বাস্থ্যসেৱাৰ সামৰ্থ্য যথেষ্ট বৃদ্ধি পাব।প্ৰায় ৩.৯ লাখ বৰ্গফুটত বিস্তৃত এই আঠ মহলীয়া এই ভৱনটোত ২১৫+ বিচনা থাকিব আৰু ২০২৭ চনত সম্পূৰ্ণ হোৱাৰ পিছত বছৰি ৩,০০০ৰো অধিক ৰোগীৰ চিকিৎসা কৰিব পৰা হ’ব বুলি উল্লেখ কৰা হৈছে। এই প্ৰকল্পটো আইচিআইচিআই বেংকৰ টিএমচিৰ প্ৰতি ১,৮০০ কোটি টকাৰ সম্প্ৰসাৰিত প্ৰতিশ্ৰুতিৰ অংশ, য’ত নৱী মুম্বাই আৰু নিউ চণ্ডীগড়তো একেধৰণৰ কেন্সাৰ ৰোগৰ চিকিত্সাৰ আন্তঃগাঁথনি অন্তৰ্ভুক্ত কৰা হৈছে।এই সুবিধা কেন্দ্ৰটোত চিএআৰ-টি চেল থেৰাপী, বন মেৰ'(হাড়ৰ মজ্জা) সংৰোপণ, উন্নত ৰেডিয়’থেৰাপীকে ধৰি অত্যাধুনিক চিকিৎসাৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ উপৰিও ইয়াত ১৪টা আইচিইউ, ৫টা অ’টি, ৩টা এলআইএনএচি আৰু নিৰ্দিষ্ট গৱেষণাগাৰ থাকিব। এই শুভাৰম্ভণিয়ে চিকিৎসা আৰু বিত্তীয় খণ্ডৰ বিশেষ দৃষ্টি আকৰ্ষণ কৰিছে। স্বাস্থ্যসেৱা বিনিয়োগকাৰী আৰু পৰামৰ্শদাতাসকলে লক্ষ্য কৰিছে যে এই পদক্ষেপে উত্তৰ-পূবতো একেধৰণৰ অংশীদাৰিত্বৰ বাবে অনুপ্ৰাণিত কৰিব পাৰে, য’ত উন্নত কৰ্কট ৰোগৰ যত্নৰ সুবিধা সীমিত আজিৰ তাৰিখতো হৈয়ে আছে। আইচিআইচিআই বেংকৰ অধ্যক্ষ প্ৰদীপ কুমাৰ সিনহা আৰু টিএমচিৰ বিষয়াসকলে আশা প্ৰকাশ কৰে যে, এই সহযোগিতাই সমগ্ৰ কৰিড’ৰত কেন্সাৰ যত্নৰ সুলভতাক আগুৱাই নিব। Share this:FacebookX Related Post navigation মণিপুৰত ৫৫কোটি ৫২লাখ টকাৰ হেৰ’ইন জব্দ প্ৰতীকবাদৰ উৰ্ধ্বত, শক্তিশালী কৰিছে এলজিবিটিকিউএ+ কণ্ঠ আৰু ব্যৱসায়ক: প্ৰাইড@গড্ৰেজ ২০২৫