ছেমি ফাইনেলৰ বাবে ভাৰতৰ দুটা স্থানৰ বিপৰীতে শ্ৰীলংকাত এটা স্থান নিৰ্ধাৰণ কৰা হৈছে। লক্ষণীয়ভাৱে ছেমিৰ বাবে নিৰ্ধাৰিত স্থানৰ তালিকাত নাই মুম্বাই আৰু দিল্লী। ছেমিৰ বাবে এইদৰে তিনিটা স্থান নিৰ্ধাৰণৰ আঁৰতো আছে বিশেষ কাৰণ।মহিলা বিশ্বকাপ ২০২৫ৰ পিছত এতিয়া আইচিচিয়ে পৰৱর্তী প্রতিযোগিতাৰ বাবে প্রস্তুতি আৰম্ভ কৰিছে৷ আগন্তুক এই প্ৰতিযোগিতাখন ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’ব। অহা বৰ্ষৰ ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ’বলগীয়া পুৰুষৰ এই টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে এতিয়া আইচিচিয়ে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতিযোগিতাখনৰ বাবে আইচিচিয়ে নিৰ্দিষ্ট স্থানসমূহৰ চৰ্টলিষ্ট কৰিছে। সেই অনুসৰি ভাৰতৰ পাঁচখন চহৰক এই বিশ্বকাপৰ স্থান হিচাপে নিৰ্ধাৰণ কৰাৰ বিপৰীতে শ্ৰীলংকাৰ তিনিখন ষ্টেডিয়াম চূড়ান্ত কৰা হৈছে।এক প্ৰতিবেদন অনুসৰি এই টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলৰ বাবে কলকাতাৰ ইডেন গাৰ্ডেন ষ্টেডিয়াম আৰু আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামক চৰ্টলিষ্ট কৰা হৈছে। কলম্বোৰ এখন ষ্টেডিয়ামো ছেমি ফাইনেলৰ বাবে নিৰ্বাচিত কৰা হৈছে। প্ৰতিযোগিতাত পাকিস্তানে নিজৰ সকলো মেচ শ্ৰীলংকাত খেলিব বাবে এই সিদ্ধান্ত লোৱা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *