আইচিচিৰ এদিনীয়া মহিলা বিশ্বকাপ ২০২৫ত আজি গুৰুত্বপূৰ্ণ মেচ অনুষ্ঠিত হ’ব । ডিফেণ্ডিং চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰত । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ ভাৰতে এই মেচখনত জয়ী হ’ব । অন্যথা প্ৰতিযোগিতাৰ পিছলৈ দলটোৰ বাবে কিছু কঠিন হ’ব ।৩ খন মেচৰ ভিতৰত ভাৰতে দুখনত জয়ী হৈছে আৰু পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে । অষ্ট্ৰেলিয়াই ২ খন মেচত জয়ী হৈছে আৰু এখন খেল বাতিল হৈছে । দলটো দ্বিতীয় স্থানত আছে । ৩ খন মেচৰ আটাইকেইখনতে জয়ী হৈ ইংলেণ্ড দল শীৰ্ষস্থানত আছে । আনহাতে দক্ষিণ আফ্ৰিকাই দুখনত জয়ী হৈ চতুৰ্থ স্থানত আছে ।৭ বাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব ভাৰতীয় মহিলা দল । শীৰ্ষ চাৰিটা স্থানত থাকিবলৈ আজিৰ মেচত ভাৰতে জয়ী হ’ব লাগিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *