ইণ্ডিয়ান ট্ৰেন্সফৰ্মাৰ মেনুফেকচাৰ্ছ এছ’চিয়েচন (আইটিএমএ)ৰ সহযোগত আন্তঃৰাষ্ট্ৰীয় কপাৰ এছ’চিয়েচন ইণ্ডিয়াই ২০২৪ চনৰ ০৮ নৱেম্বৰত গুৱাহাটীৰ হোটেল ভিভাণ্টাত এখন আলোচনা চক্ৰ-সহ-কৰ্মশালা সফলতাৰে আয়োজন কৰে। চেণ্ট্ৰেল ইলেক্ট্ৰিচিটী অথৰিটী (চিইএ) আৰু ব্যুৰো অৱ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ (বিআইএছ)ৰ দৰে শক্তি খণ্ডৰ গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ দ্বাৰা সমৰ্থিত এই অনুষ্ঠানৰ জৰিয়তে বিতৰণ কোম্পানী আৰু বিতৰণ ট্ৰেন্সফৰ্মাৰ(ডিটি)ৰ মেৰামতি গোটৰে জড়িত বিষয়া-কৰ্মীসকলক মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰাৰ প্ৰয়াস কৰা হৈছিল। এই কৰ্মশালা আইটিএমএৰ জ্যেষ্ঠ উপাধ্যক্ষ (পূব মণ্ডল) আশিস দাস আৰু ভাৰতীয় মানক ব্যুৰো (বি আই এছ)ৰ  গুৱাহাটী শাখা কাৰ্যালয়(জিএইচবিঅ’)ৰ বিজ্ঞানী-ই এণ্ড হেড শৌৱিক চন্দা, অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এ পি ডি চি এল)ৰ অধ্যক্ষ তথা আইএএছ চৈয়দাইন আব্বাছি, আইচিএ ইণ্ডিয়াৰ জ্যেষ্ঠ উপদেষ্টা মানস কুণ্ডুৰ উপস্থিতিত সুকলমে অনুষ্ঠিত হয়। প্ৰথমে সকলো উপস্থিত, বিশিষ্ট অতিথি আৰু প্ৰতিনিধিক উষ্ম আদৰণি জনোৱা হয়।

উদ্বোধনী অধিবেশনৰ সময়ত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ছায়েদাইন আব্বাচীয়ে নিজৰ অভিমত প্ৰকাশ কৰি কয় যে, চিইএ আৰু বিআইএছৰ দৰে কৰ্তৃপক্ষই ডিষ্ট্ৰিবিউচ ট্ৰেন্সফৰ্মাৰৰ অ’এণ্ডএমৰ বাবে বাবে সৰ্বশ্ৰেষ্ঠ পদ্ধতি আৰু ডিটি মেৰামতিৰ বাবে অনুশীলনৰ সংহিতা(কোড অৱ প্ৰেক্টিচ)ৰ ওপৰত মানদণ্ড নিৰূপণ কৰাটো যথেষ্ট উৎসাহজনক। ট্ৰেন্সফৰ্মাৰবিতৰণ নেটৱৰ্কৰ কেন্দ্ৰবিন্দু হোৱাৰ বাবে ই বিতৰণ অনুজ্ঞাপত্ৰধাৰীৰ বাবে ইতিবাচক খবৰ। আইটিএমএ আৰু আইচিএ ইণ্ডিয়াই ‘ডিচকম’ৰ অভিযন্তাসকলক সংবেদনশীল কৰি তোলাৰ বাবে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে আৰু এনে কৰ্মশালাই নিশ্চিত কৰিব যে ৰাজহ লোকচান পৰিহাৰ কৰিবলৈ, কাৰ্যকৰী প্ৰদৰ্শন উন্নত কৰিবলৈ আৰু যুক্তিসংগত মূল্যত গ্ৰাহকসকলক মানসম্পন্ন আৰু নিৰ্ভৰযোগ্য বিদ্যুৎ যোগান প্ৰদান কৰিবলৈ ডিটিৰ বিফলতা হ্ৰাস কৰাটো নিশ্চিত কৰিবলৈ এইবোৰ সঠিকভাৱে আৰু আন্তৰিকতাৰে ৰূপায়ণ কৰা হৈছে। ইয়াৰ লগতে আয়োজকসকলক ভৱিষ্যতে এই মানদণ্ডসমূহ আঁকোৱালি লোৱাৰ বাবে এপিডিচিএলৰ ক্ষেত্ৰ পৰ্যায়ৰ অভিযন্তাসকলক সংবেদনশীল-সপ্ৰতিভ কৰি তুলিবলৈ এনে সজাগতা কৰ্মশালা আয়োজন কৰাৰ লগতে অংশগ্ৰহণকাৰী অভিযন্তাসকলক অসমৰ উন্নত বিতৰণ খণ্ডৰ দিশত এইসমূহ অনুশীলন হিচাপে প্ৰয়োগ কৰিবলৈ আৰু বিবেচনা কৰিবলৈ আৰু ৰূপায়ণ কৰিবলৈ আহ্বান জনায়।

এই কৰ্মশালাত শক্তি খণ্ডৰ অভিজ্ঞ বক্তাসকলে বিতৰণ ৰূপান্তৰ উদ্যোগ সন্দৰ্ভত শেহতীয়া অগ্ৰগতিৰ মূল্যৱান অন্তৰ্দৃষ্টি প্ৰদান কৰিছিল। অভিজ্ঞ ব্যক্তিসকলৰ দক্ষতাই বৰ্তমানৰ প্ৰত্যাহ্বান, উদ্ভাৱন আৰু ট্ৰেন্সফৰ্মাৰৰ প্ৰদৰ্শন আৰু নিৰ্ভৰযোগ্যতাৰ অগ্ৰগতিৰ বাবে গুৰুত্বপূৰ্ণ আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলনৰ ওপৰত আলোকপাত কৰে। আইটিএমএৰ জ্যেষ্ঠ উপাধ্যক্ষ(পূব মণ্ডল) আশিস দাসে অনুষ্ঠান সফলভাৱে আয়োজন কৰা আৰু উপস্থিত থকাসকলক শলাগৰ শৰাই আগবঢ়ায়। এই অনুষ্ঠানত গুৱাহাটীৰ অপাৰেচন আৰু মেইণ্টেনেন্স ইঞ্জিনিয়াৰ, ইউটিলিটি খণ্ডৰ প্ৰতিনিধি, ডিটি প্ৰস্তুতকৰ্তা, মেৰামতি খণ্ডৰ পেছাদাৰী, শিক্ষাবিদ আৰু অন্যান্য বহুতো উদ্যোগ খণ্ডৰ বিশেষজ্ঞসকল উপস্থিত আছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *