ৰাজ্যিক কংগ্ৰেছৰ নেতৃত্বক কেন্দ্ৰ কৰি সৃষ্টি হোৱা তীব্ৰ মতভেদৰ মাজতে মঙলবাৰে এক গুৰুত্বপূৰ্ণ চৰ্ত আৰোপ কৰে প্ৰাক্তন সভাপতি ভূপেন বৰাই। সোমবাৰে দলীয় পদৰ পৰা পদত্যাগ কৰা বৰাই এতিয়া স্পষ্ট কৰি দিছে যে যদিহে প্ৰদেশ কংগ্ৰেছে নিজৰ ‘প্ৰকৃত চৰিত্ৰ’ত কাম কৰাটো নিশ্চিত হয়, তেন্তেহে তেওঁ পদত্যাগ পত্ৰ উঠাই লোৱাৰ কথা ভাবিব। বৰ্তমানৰ দলীয় গাঁথনিৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰি তেওঁ কয় যে এইটো আচল এপিচিচি হৈ থকা নাই, ই এপিচিচি (আৰ) হে হৈ পৰিছে।

ৰাজ্যিক কংগ্ৰেছৰ এই সংকটকালত এতিয়া সমগ্ৰ দায়িত্ব জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ আৰু দেবব্ৰত শইকীয়াৰ ওপৰত ন্যস্ত কৰিছে ভূপেন বৰাই। সংবাদ মাধ্যমৰ আগত তেওঁ কয়, “মই প্ৰদ্যুৎ বৰদলৈ আৰু দেবব্ৰত শইকীয়াক দায়িত্ব দিছোঁ। যদি তেওঁলোকে অনুভৱ কৰে যে মোৰ সিদ্ধান্ত ভুল আছিল আৰু এনে পৰিস্থিতিৰ পুনৰাবৃত্তি নহয়, তেন্তে মই পদত্যাগ উঠাই ল’বলৈ সাজু আছোঁ।” বৰদলৈয়ে ইতিমধ্যে বৰাৰ সৈতে আলোচনাত মিলিত হৈছে আৰু পৰৱৰ্তী পদক্ষেপৰ বাবে সময় বিচাৰিছে।

ইফালে, বিজেপি গমনক লৈ চলি থকা চৰ্চা ভূপেন বৰাই পোনচাটেই নাকচ কৰিছে। কোনো ৰাজনৈতিক দলৰ সৈতে যোগদানৰ আলোচনা হোৱা নাই বুলি দাবী কৰি তেওঁ কয়, “মোৰ হাতত ছটা ভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰস্তাৱ আহিছে, কিন্তু কোনো দলৰে সৈতে মোৰ কথা-বতৰা হোৱা নাই।” আনকি বিজেপিৰ কোনো জনপ্ৰতিনিধিয়ে তেওঁৰ সৈতে যোগাযোগ কৰা নাই বুলিও তেওঁ স্পষ্ট কৰে।

আগন্তুক বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা পুনৰ দোহাৰি বৰাই নিজৰ জন্মস্থান ৰঙানদী সমষ্টিৰ পৰা যুঁজ দিয়াৰ চিন্তা-চৰ্চা চলাইছে। ইমানৰ পাছতো অসম কংগ্ৰেছৰ ভিতৰচ’ৰাত চলা এই বিভাজনে নিৰ্বাচনৰ পূৰ্বে দলটোক এক গভীৰ প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছে। আজি নিশাৰ ভাগত বৰাই নিজৰ চূড়ান্ত সিদ্ধান্ত জানিবলৈ দিয়াৰ সম্ভাৱনা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *