আম আদমী পাৰ্টি আৰু ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাৰ মাজত শেহতীয়াকৈ চলি থকা সংঘাতৰ মাজতে পুনৰ নিজৰ স্থিতি স্পষ্ট কৰিছে আপৰ সাংসদগৰাকীয়ে। শনিবাৰে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে নিজৰ বিৰুদ্ধে উঠা সকলো অভিযোগক ‘মিছা’ আৰু ‘পৰিকল্পিত ষড়যন্ত্ৰ’ আখ্যা দিয়ে সাংসদগৰাকীয়ে। তেওঁ কয় যে সংসদত হুলস্থূল কৰিবলৈ নহয়, বৰঞ্চ দেশৰ হিতৰ বাবে এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে তেওঁ সদনলৈ যায়। আম আদমী পাৰ্টীয়ে তেওঁৰ বিৰুদ্ধে অনা সকলো অভিযোগ এতিয়া পোনচাটেই নাকচ কৰিছে চাড্ডাই।

নিজৰ অৱস্থিতি স্পষ্ট কৰি সাংসদগৰাকীয়ে কয়, “মই সংসদত হুলস্থূল কৰিবলৈ নহয়, এক ইতিবাচক প্ৰভাৱ পেলাবলৈহে যাওঁ। যিহেতু সংসদ টেক্সপেয়াৰ বা কৰদাতাৰ ধনেৰে চলে, সেয়েহে ৰাইজৰ সমস্যাসমূহ তাত সঠিকভাৱে উত্থাপন কৰাটো মোৰ নৈতিক দায়িত্ব।”

সদনত্যাগৰ সময়ত অনুপস্থিত থকাৰ বিতৰ্কৰো এক তীক্ষ্ণ প্ৰত্যুত্তৰ দিয়ে সাংসদগৰাকীয়ে। তেওঁ স্পষ্টকৈ কয় যে সংসদৰ প্ৰতিটো মুহূৰ্তৰ কাৰ্যসূচী চিচিটিভি কেমেৰাত আৱদ্ধ থাকে। তেওঁ কেতিয়া নিয়ম উলংঘা কৰিছিল, তাৰ এটা প্ৰমাণ দিবলৈও তেওঁ বিৰোধী পক্ষক এক মুকলি প্ৰত্যাহ্বান জনায়। আনহাতে, মুখ্য নিৰ্বাচনী আয়ুক্তৰ প্ৰস্তাৱত চহী নকৰা সন্দৰ্ভত তেওঁ কয়, “দলৰ কোনো নেতাই মোক এই বিষয়ে আনুষ্ঠানিক বা অনানুষ্ঠানিকভাৱে কোনো নিৰ্দেশ দিয়া নাছিল। আনকি মোৰ দলৰ বহুকেইগৰাকী সাংসদেও সেই প্ৰস্তাৱত চহী কৰা নাছিল।”

জি এছ টি, আয়কৰ, দিল্লীৰ বায়ু প্ৰদূষণ আৰু পঞ্জাৱৰ পানীৰ সমস্যাৰ দৰে গুৰুত্বপূৰ্ণ বিষয়সমূহ তেওঁ সংসদত সদায় উত্থাপন কৰি আহিছে বুলিও চাড্ডাই দাবী কৰে। নিবনুৱা সমস্যা আৰু মূল্যবৃদ্ধিৰ বিৰুদ্ধে তেওঁৰ কণ্ঠ সদায় সৰৱ আছিল। আম আদমী পাৰ্টীৰ ভিতৰচ’ৰাত চলা এই তীব্ৰ সংঘাতৰ মাজতে ৰাঘৱ চাড্ডাই পুনৰ কয়, “প্ৰতিটো মিছা কথা সময়ত ধৰা পৰিবই।” সাংসদগৰাকীৰ এই স্থিতিয়ে এতিয়া ৰাষ্ট্ৰীয় ৰাজনীতিত এক নতুন মোৰ আনিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *