ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শই জাতি-ধৰ্ম নিৰ্বিশেষে সকলোৰে বাবে কাম কৰিবলৈ শিক্ষা দিয়ে, এই দল মুছলমানসকলৰ বিৰোধী নহয়। – এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ। শুকুৰবাৰে উত্তৰ নাগপুৰত অনুষ্ঠিত এখন নিৰ্বাচনী জনসভাত ভাষণ দি জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে কয় যে দেশৰ বাবে ত্যাগ কৰা মুছলমানসকল হিন্দুসকলৰ দৰেই তেওঁলোকৰ আপোন। আগন্তুক ১৫ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া নাগপুৰ পৌৰ নিগমৰ নিৰ্বাচনত বিজেপি-শিৱসেনা মিত্ৰজোঁটক পূৰ্ণ সংখ্যাগৰিষ্ঠতাৰে জয়ী কৰাবলৈ তেওঁ ৰাইজক আহ্বান জনায়।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত দলটোক লৈ থকা ভুল ধাৰণাসমূহ দূৰ কৰিবলৈ চেষ্টা চলাই কয় যে বিজেপি কেৱল সন্ত্ৰাসবাদী আৰু পাকিস্তানৰহে বিৰোধী। তেওঁ উল্লেখ কৰে যে কোনোবাই মছজিদ, গুৰুদ্বাৰ বা বুদ্ধ বিহাৰলৈ যাব পাৰে, কিন্তু সকলো ভাৰতীয়ৰ তেজ একেই আৰু দলটোৱে সকলোৰে উন্নয়নৰ বাবে কাম কৰে। যদি বিজেপি-শিৱসেনা মিত্ৰজোঁট নিৰ্বাচনত জয়ী হয়, তেন্তে জনসাধাৰণৰ প্ৰতিটো আশা-আকাংক্ষা পূৰণ হ’ব বুলি গাডকাৰীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে প্ৰাৰ্থীসকলৰ কাম-কাজৰ বাবে তেওঁ নিজেই গেৰাণ্টী হ’ব বুলিও মন্তব্য কৰে।

ইফালে বিৰোধীয়ে বিজেপিৰ বিৰুদ্ধে চলোৱা অপপ্ৰচাৰৰ উত্তৰ দি নাগপুৰৰ সাংসদগৰাকীয়ে কয় যে তেওঁ কেৱল ভোট দিয়া সকলৰেই নহয়, বৰঞ্চ সকলো শ্ৰেণীৰ লোকৰে প্ৰতিনিধি। জাতি, ধৰ্ম আৰু ভাষা নিৰ্বিশেষে উন্নয়নমূলক কাম কৰাটোৱেই তেওঁৰ লক্ষ্য বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বিজেপিয়ে সংবিধান সলনি কৰিব বিচাৰে বুলি চলি থকা চৰ্চাক নসাৎ কৰি তেওঁ ওলোটাই কংগ্ৰেছেহে ৮০ বাৰ সংবিধান সংশোধনৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *