হুণ্ডাই মটৰ গ্ৰুপৰ অন্যতম অংশ হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড(“কোম্পানী”)-এ ২০২৪ৰ ১৫ অক্টোবৰ, মঙলবাৰে ইকুইটি শ্বেয়াৰৰ প্ৰাৰম্ভিক ৰাজহুৱা অফাৰ(“প্ৰস্তাৱ”)সমূহ মুকলি কৰাৰ কথা ঘোষণা কৰিছে। হুণ্ডাই মটৰ ইণ্ডিয়া লিমিটেড হৈছে চিৱাই২০২৩ত যাত্ৰীবাহী বাহন বিক্ৰীৰ ওপৰত আধাৰিত কৰি বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অটো অ’ইএম। এংকৰ(প্ৰাৰম্ভিক) বিনিয়োগকাৰীৰ নিবিদাৰ দিন হ’ল নিবিদা/অফাৰ মুকলিৰ দিনটোৰ আগৰ এটা কৰ্মদিন, যি হৈছে সোমবাৰ অৰ্থাৎ ১৪ অক্টোবৰ। নিবিদা/অফাৰ সমাপ্তিৰ দিন হৈছে অহা ১৭ অক্টোবৰ, বৃহস্পতিবাৰ। অফাৰৰ প্ৰাইচ বেণ্ড প্ৰতি ইকুইটি শ্বেয়াৰত ১,৮৬৫ টকাৰ পৰা ১,৯৬০ টকালৈ নিৰ্ধাৰণ কৰা হৈছে। নূন্যতম ৭টা ইকুইটি শ্বেয়াৰ আৰু ৭টা ইকুইটি শ্বেয়াৰৰ পিছত অধিক নিবিদাৰ বাবে আগবাঢ়িব পাৰিব। এই অফাৰ ছেবি আইচিডিআৰ নিয়মাৱলীৰ বিধি ৩১ৰ সৈতে সংগতি ৰাখি সংশোধিত(“এছচিআৰআৰ”) ছিকিউৰিটিজ চুক্তি (ৰেগুলেচন) নিয়ম, ১৯৫৭ৰ নিয়ম ১৯(২)(বি)ৰ ভিত্তিত প্ৰদান কৰা হৈছে। আমাৰ প্ৰতিষ্ঠানৰ ইকুইটি শ্বেয়াৰসমূহ বিএছই লিমিটেড (“বিএছই”) আৰু নেচনেল ষ্টক এক্সচেঞ্জ অফ ইণ্ডিয়া লিমিটেড(“এনএছই”, লগতে বিএছই, “ষ্টক এক্সচেঞ্জ”)ত তালিকাভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছে। Share this:FacebookX Related Post navigation এনএছডিচি-এ ২৯,০০০তকৈও অধিক চাকৰি প্ৰাৰ্থীক প্ৰথমবাৰলৈ সফলতাৰে প্ৰশিক্ষণ প্ৰদান কৰিছে লখিমপুৰত আৰক্ষীৰ বৃহৎ অভিযান