এইচপি-এ ভাৰতত এইচপি লেজাৰ এম৩০০ শৃংখলা মুকলি কৰাৰ কথা ঘোষণা কৰিছে, যি ভাৰতৰ দ্ৰুতগতিত বৰ্ধিত এছএমবি, স্থানীয় ব্যৱসায় আৰু প্ৰিণ্টিং সেৱাৰ বিপণীসমূহৰ প্ৰয়োজনীয়তা অনুসৰি তৈয়াৰ কৰা লেজাৰ প্ৰিণ্টাৰৰ এক পৰিসৰ। এই শৃংখলাটোত পাঁচটা মডেল অন্তৰ্ভুক্ত কৰা হৈছে-লেজাৰ এমএফপি ৩২৩এছডিএনডব্লিউ, ৩২৩ডিএনডব্লিউ, ৩২৩ডি, ৩০৩ডিডব্লিউ, আৰু ৩০৩ডি-যি দ্ৰুত অটো-ডুপ্লেক্স প্ৰিণ্টিং, তীক্ষ্ণ প্ৰিণ্ট মানদণ্ড আৰু শক্তি দক্ষতা প্ৰদান কৰে, এই সকলোবোৰ সুলভ মূল্যতে উপলব্ধ। নতুন এইচপি লেজাৰ এম৩০০ শৃংখলাটো ভাৰতীয় ব্যৱসায়ৰ বাবে বিশেষভাৱে সজাই তোলা হৈছে যাৰ বাবে গতি, সংপৃক্ত ডিজাইন, কম তত্বাৱধান আৰু পৰিৱেশ অনুকূল প্ৰিণ্টিঙৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি মিনিটত ৩০ পৃষ্ঠা (এ৪) লৈকে প্ৰিণ্ট গতি আৰু সকলো মডেলত স্বয়ংক্ৰিয় দ্বিমুখী প্ৰিণ্টিঙৰ সুবিধাৰে এই শৃংখলাই ব্যৱহাৰকাৰীসকলক উচ্চ পৰিমাণৰ কামৰ বোজা সহজে নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম কৰে। এই বাচকবনীয়া ছিৰিজত তীক্ষ্ণ ক’লা টেক্সট আৰু গ্ৰাফিক্স প্ৰদান কৰিবলৈ উন্নত টোনাৰ ব্যৱহাৰ কৰা হৈছে আৰু এইচপি স্মাৰ্ট এপৰ জৰিয়তে সহজ মোবাইল প্ৰিণ্টিং সমৰ্থন কৰি তোলা হৈছে। এইচপি ইনকৰ্পৰেচনৰ ভাৰত বজাৰ – প্ৰিণ্ট শাখাৰ জ্যেষ্ঠ সঞ্চালক সতীশ কুমাৰে কয় যে, “এইচপি লেজাৰ এম ৩০০ ছিৰিজ কম তত্বাৱধানতে দ্ৰুত, উচ্চমানৰ ডুপ্লেক্স প্ৰিণ্টিং প্ৰদান কৰিবলৈ উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰস্তুত, যিয়ে ব্যৱসায়িক বৃদ্ধি আৰু ভাৰতৰ গতিশীল ব্যৱসায়িক পৰিৱেশতন্ত্ৰত স্থিতিস্থাপক হ’বলৈ সহায় কৰে।” এইচ পি লেজাৰ এনএফপি ৩২৩এছডিএনডব্লিউৰ মূল্য ৩৫,২৫০ টকা, এইচ পি লেজাৰ এমএফপি ৩২৩ডিএনডব্লিউৰ মূল্য ৩১,৫০০ টকা, এইচ পি লেজাৰ এম এফ পি ৩২৩ডিৰ মূল্য ২৯,২৫০ টকা, এইচ পি লেজাৰ ৩০৩ডি ডব্লিউৰ মূল্য ২২,৫০০ টকা, এইচ পি লেজাৰ ৩০৩ডিৰ মূল্য ২০,২৫০ টকা। সকলোবোৰ এইচপি ই-ষ্টৰত উপলব্ধ। Share this:FacebookX Related Post navigation বাৰিষাৰ সময়ৰ আয়ুৰ্বেদিক খাদ্য: প্ৰাকৃতিকভাৱে উজ্বল আৰু সুস্থ ছালৰ অধিকাৰী হ’বলৈ বিশেষজ্ঞৰ পৰামৰ্শ চনী ইণ্ডিয়াই ৱায়াৰলেছ শব্দৰহিত আৰু বহুমুখী ডিজাইনৰ সৈতে ডব্লিউএফ-চি৭১০এন ইয়াৰবাড মুকলি কৰিছে