অশান্তিৰ জুইত পুনৰ দহিছে চুবুৰীয়া দেশ বাংলাদেশ। যোৱা সপ্তাহত দুষ্কৃতিকাৰীৰ গুলীত আহত হোৱা জুলাই বিদ্ৰোহৰ অন্যতম অগ্ৰণী নেতা শ্বৰীফ ওচমান হাদীৰ চিকিৎসাধীন অৱস্থাত ছিংগাপুৰত মৃত্যু ঘটে। ঢাকাৰ বিজয় নগৰত নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে হাদীৰ মূৰত গুলী লাগিছিল। দেশৰ মুখ্য উপদেষ্টা ড০ মহম্মদ ইউনুছে হাদীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দোষীক শীঘ্ৰে কৰায়ত্ব কৰাৰ প্ৰতিশ্ৰুতি দিছে। ইফালে, হাদীৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে ঢাকাত প্ৰতিবাদৰ দাবানল সৃষ্টি হয়। উত্তেজিত জনতাই দেশৰ প্ৰভাৱশালী বাতৰি কাকত ‘প্ৰথম আলো’ আৰু ‘ডেইলী ষ্টাৰ’ৰ কাৰ্যালয়ত ব্যাপক আক্ৰমণ চলায়। ইয়াৰ উপৰিও ঢাকা বিশ্ববিদ্যালয়ৰ চৌহদৰ পৰা শ্বাহবাগলৈ এক বিশাল শোক সমদল উলিওৱা হয়। প্ৰতিবাদকাৰীসকলে হত্যাকাৰীসকলক ভাৰতে আশ্ৰয় দিয়াৰ অভিযোগ তুলিছে। ছাত্র নেতা ছাৰ্জিছ আলমে হুংকাৰ দিছে যে যেতিয়ালৈকে ভাৰতে হত্যাকাৰীসকলক বাংলাদেশক গতাই নিদিয়ে, তেতিয়ালৈকে ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয় বন্ধ ৰাখিব লাগে। ইয়াৰ ফলত দেশখনত ভাৰত বিৰোধী আৱেগ তীব্ৰতৰ হৈ পৰিছে। ইনকিলাব মঞ্চৰ মুখপাত্ৰ হিচাপে হাদীয়ে শ্বেখ হাছিনা চৰকাৰ আৰু ভাৰতৰ বিৰুদ্ধে সদায় সৰব আছিল। দক্ষিণ বাংলাদেশৰ এজন মাদ্ৰাছা শিক্ষকৰ পুত্ৰ হাদীয়ে ঢাকা বিশ্ববিদ্যালয়ত ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰিছিল। শেহতীয়াকৈ তেওঁ এখন ব্যক্তিগত বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কৰ্মৰত আছিল। হাদীৰ এই অকাল মৃত্যুৱে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ বাবে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। Share this:FacebookX Related Post navigation ২০২৬ নহয়, ২০৩১ ৰ বাবেহে যুঁজক কংগ্ৰেছেঃ অখিল গগৈক ‘মনোৰঞ্জনৰ উৎস’ আখ্যা মুখ্যমন্ত্ৰীৰ পাকিস্তানৰ সমৰ্থনত শ্লোগান! তিনি বছৰত কৰ্ণাটকত ১২টা গোচৰ ৰুজু চৰকাৰৰ