আগন্তুক বিধানসভা নিৰ্বাচনৰ ৰণকৌশল আৰু নিৰাপত্তা ব্যৱস্থাৰ বুজ ল’বলৈ তিনিদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰে নিশা বৰাক উপত্যকাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা শিলচৰত উপস্থিত হৈ গৃহমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে ভাৰত-বাংলাদেশ সীমান্তৰ বি এছ এফৰ নতুনপুৰ সীমান্ত আউটপোষ্ট পৰিদৰ্শন কৰি নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰিব। নিৰ্বাচনৰ কেইসপ্তাহমান পূৰ্বে সীমান্তৱৰ্তী অঞ্চলত তেওঁৰ এই ভ্ৰমণ বিশেষভাৱে তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। নতুনপুৰত উপস্থিত হৈ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে চৰকাৰৰ অভিলাষী আঁচনি ‘ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰেম’ৰ শুভাৰম্ভ কৰিব। সীমান্তৱৰ্তী গাঁওসমূহৰ আন্তঃগাঁথনি উন্নয়ন, যোগাযোগ ব্যৱস্থাৰ আধুনিকীকৰণ আৰু সংস্থাপনৰ সুযোগ সৃষ্টি কৰি জনসাধাৰণৰ প্ৰব্ৰজন ৰোধ কৰাই এই আঁচনিৰ মূল লক্ষ্য। ইয়াৰ পাছতেই শ্বাহে বৰাক উপত্যকাত এখন বিশাল নিৰ্বাচনী জনসভাত অংশ লৈ দলীয় প্ৰচাৰ অভিযানৰ আনুষ্ঠানিক সূচনা কৰিব। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দক্ষিণ অসমৰ এই তিনিখন জিলা বিজেপিৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। শনিবাৰে গুৱাহাটীত গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ কাৰ্যসূচীত ভাগ ল’ব। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত চি আৰ পি এফৰ বাৰ্ষিক পেৰেডত অংশ ল’ব অমিত শ্বাহে। উল্লেখযোগ্য যে, উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় বাহিনীটোৰ এই পেৰেড অনুষ্ঠিত হ’বলৈ গৈ আছে। ইয়াৰ উপৰি তেওঁ সোণাপুৰৰ কচুতলীত অসম আৰক্ষীৰ দশম বেটেলিয়ানৰ নতুন চৌহদৰ আধাৰশিলা স্থাপন কৰিব। যোৱা ২৯ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে এয়া অমিত শ্বাহৰ তৃতীয়টো অসম ভ্ৰমণ। ৰাজ্যত ১২৬খন আসনৰ বাবে মাৰ্চ-এপ্ৰিল মাহত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা থকাৰ সময়তে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ এই ধাৰাবাহিক ভ্ৰমণে বিজেপিৰ নিৰ্বাচনী তৎপৰতা দুগুণে বৃদ্ধি কৰিছে। দলটোৱে একেৰাহে তৃতীয়টো কাৰ্যকালৰ বাবে শাসনলৈ অহাৰ লক্ষ্যৰে বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ নিজৰ ভেটি অধিক মজবুত কৰাত মনোনিবেশ কৰিছে। Share this:FacebookX Related Post navigation পুনৰ আম আদমী পাৰ্টিৰ নেতাৰ ওপৰত আক্ৰমণ! এইবাৰ বিবাহ অনুষ্ঠানত গুলীয়াই হত্যা গাঁওপ্ৰধানক ৰাহুল গান্ধীয়েও ‘অপমানিত’ অনুভৱ কৰিছে কংগ্ৰেছতঃ ভূপেন বৰাৰ বিস্ফোৰণ