হোণ্ডা মটৰ চাইকেল এণ্ড স্কুটাৰ ইণ্ডিয়াই যোৰহাটৰ এম জি ৰোডত জৈনকো হোণ্ডা নামৰ নতুন অনুমোদিত প্ৰধান ডিলাৰশ্বিপ উদ্বোধন কৰি উত্তৰ-পূবত নিজৰ উপস্থিতি অধিক শক্তিশালী কৰিছে। এই নতুন আউটলেটটোৱে হোণ্ডাৰ ৪এছ সমাধান — বিক্ৰী, সেৱা, অতিৰিক্ত অংশ আৰু সুৰক্ষা এখন চালৰ তলতে প্ৰদান কৰিব, যাৰ লক্ষ্য হৈছে সম্পূৰ্ণ দুচকীয়া বাহনৰ অভিজ্ঞতা বা সেৱা অনন্য কৰি তোলা।এই নতুন ডিলাৰশ্বিপত এইচএমএছআইৰ সম্পূৰ্ণ সামগ্ৰী পৰ্টফলিঅ’ প্ৰদৰ্শন কৰা হ’ব, য’ত চাৰিটা স্কুটাৰ মডেল — ১১০চিচি ছেগমেণ্টত এক্টিভা আৰু ডিঅ’, আৰু ১২৫চিচি ছেগমেণ্টত এক্টিভা ১২৫ আৰু ডিঅ’ ১২৫ৰ লগতে ১০০চিচিৰ পৰা ২০০চিচিলৈকে ১০টা মটৰ চাইকেল মডেল, য’ত শ্বাইন ১০০, ইউনিকৰ্ন আৰু হৰ্নেট ২.০ অন্তৰ্ভুক্ত কৰা হৈছে। এক বিশেষ প্ৰশিক্ষিত বিক্ৰী আৰু সেৱা দলে শীৰ্ষ-মানদণ্ডৰ গ্ৰাহক সেৱা নিশ্চিত কৰিব। আনহাতে জাপানৰ পৰা আমদানি কৰা ৰাইডিং চিমুলেটৰকে ধৰি চেফটি ৰাইডিং প্ৰচাৰৰ পদক্ষেপে দায়িত্বশীল বাহন চালনাক উৎসাহিত কৰিব।এই সম্প্ৰসাৰণে অসমৰ নগৰীয়া অঞ্চলসমূহত এইচএমএছআই-ৰ বৰ্ধিত গুৰুত্ব প্ৰতিফলিত কৰিছে, য’ত ইন্ধন-দক্ষ, নিৰ্ভৰযোগ্য দুচকীয়া বাহনৰ চাহিদা বৃদ্ধি হৈ আছে। গুৱাহাটী মহনগৰখনে উত্তৰ-পূবৰ বাবে প্ৰধান বাণিজ্যিক প্ৰৱেশদ্বাৰ হিচাপে সেৱা আগবঢ়োৱাৰ সমান্তৰালভাৱে এনে ডিলাৰশ্বিপৰ সম্প্ৰসাৰণে প্ৰতিযোগিতা বৃদ্ধি কৰিব আৰু গ্ৰাহকসকলক উন্নত গতিশীলতা সমাধানলৈ অধিক প্ৰৱেশাধিকাৰ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। এইচএমএছআই-এ কয় যে, নতুন যোৰহাট আউটলেটটো উজনি অসমৰ সাংস্কৃতিক আৰু বাণিজ্যিক কেন্দ্ৰৰ আৱাসীৰ চলাচলৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে কৌশলগত স্থানত অৱস্থিত। Share this:FacebookX Related Post navigation মেচি ডাইনাষ্টাৰ কণ্টেষ্ট ছিজন ২-ত তৃণমূল পৰ্যায়ৰ কৃষি-উদ্ভাৱকসকলক সম্বৰ্ধনা টাফে-ৰ টাইডে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ বাবে আগবঢ়াইছে ফিক্সড ডিপ’জিট