উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক আৰু অসামৰিক যাতায়াত ব্যৱস্থাত এক নতুন মাত্ৰা প্ৰদান কৰি শুকুৰবাৰে ডিব্ৰুগড়ত মুকলি কৰা হ’ল প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ সুবিধা (ইএলএফ)। নিৰ্বাচনমুখী অসম ভ্ৰমণৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মৰাণ বাইপাছত নিৰ্মিত এই ৪.২ কিলোমিটাৰ দীঘল বিশেষ ৰাণৱেটোত বিমান অৱতৰণ কৰোৱাই ইয়াৰ শুভ উদ্বোধন কৰে। প্ৰায় ১০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই ই এল এফ কেন্দ্ৰটো কেৱল অসমতেই নহয়, বৰঞ্চ সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে প্ৰথমটো জৰুৰীকালীন বিমান অৱতৰণ কেন্দ্ৰ হিচাপে পৰিগণিত হৈছে। ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় ৰাখি নিৰ্মাণ কৰা এই কেন্দ্ৰটোৱে প্ৰাকৃতিক দুৰ্যোগ বা যিকোনো কৌশলগত জৰুৰীকালীন সময়ত উদ্ধাৰ আৰু সাহায্য অভিযান ক্ষিপ্ৰতৰ কৰি তুলিব। চীন, বাংলাদেশ, ম্যানমাৰ আৰু ভূটানৰ দৰে গুৰুত্বপূৰ্ণ দেশৰ সীমান্তৱৰ্তী অঞ্চলটোৰ বাবে এই সুবিধা এক অন্যতম ৰাষ্ট্ৰীয় সম্পদ হিচাপে বিবেচিত হৈছে। জানিব পৰা মতে, এই ৰাণৱেটোত ৪০ টন পৰ্যন্ত ওজনৰ যুঁজাৰু বিমান আৰু ৭৪ টন পৰ্যন্ত পৰিবহণকাৰী বিমান অৱতৰণ কৰিব পাৰিব। উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে বিভিন্ন যুঁজাৰু বিমান আৰু হেলিকপ্টাৰৰ এক বিশেষ আকাশী প্ৰদৰ্শনো প্ৰত্যক্ষ কৰে। দিনজোৰা কাৰ্যসূচীৰে ৰাজ্যলৈ অহা মোদীয়ে ইয়াৰ পাছতে গুৱাহাটীত উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু পৰিদৰ্শন কৰাৰ লগতে লাচিত ঘাটত ৫,৪৫০ কোটি টকাৰো অধিক ব্যয়ৰ কেইবাটাও প্ৰকল্প উদ্বোধন কৰিব। ইয়াৰ উপৰি কামৰূপ জিলাৰ আমিনগাঁৱত উত্তৰ-পূব মণ্ডলৰ বাবে এক ৰাষ্ট্ৰীয় ডাটা কেন্দ্ৰও তেওঁ মুকলি কৰিব। প্ৰধানমন্ত্ৰীগৰাকীয়ে ‘পি এম-ই-বাছ সেৱা’ আঁচনিৰ অধীনত গুৱাহাটীসহ দেশৰ আন তিনখন চহৰৰ বাবে মুঠ ২২৫ খন বৈদ্যুতিক বাছৰো সেৱা আৰম্ভ কৰিব। ভ্ৰমণৰ সামৰণিত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি দলীয় কৰ্মীসকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব। আগন্তুক মাৰ্চ-এপ্ৰিল মাহত অনুষ্ঠিত হ’বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণ আৰু বৃহৎ আঁচনিসমূহৰ উদ্বোধনে ৰাজনৈতিকভাৱে বিশেষ তাৎপৰ্য বহন কৰিছে। Share this:FacebookX Related Post navigation দেশৰ প্ৰশাসনীয় ব্যৱস্থাত নতুন যুগৰ সূচনাঃ দিল্লীত পি এম অ’ৰ নতুন ভৱন ‘সেৱা তীৰ্থ’ উদ্বোধন প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্ণ কেয়াৰ ফাউণ্ডেশ্বনৰ উদ্যোগত গুৱাহাটীত দুদিনীয়াকৈ ‘বাৰ্ণ কেয়াৰ ডে’ উদযাপন