ব্ৰহ্মপুত্ৰৰ বুকুত থকা এটা বিশালাকায় শিলত পুনৰ এক ৰহস্যময় পদচিহ্ন দৃশ্যমান হোৱাৰ পাছতে ঐতিহাসিক নেতাই ধুবুনী ঘাটত এতিয়া ভক্তৰ লানি নিছিগা সোঁত বৈছে। যোৱা দেওবাৰৰ পৰা জিলাখনৰ জনবিশ্বাসৰ সৈতে জড়িত এই দৈৱিক পদচিহ্নটো প্ৰত্যক্ষ কৰিবলৈ দূৰ-দূৰণিৰ পৰা লোকসকল ধুবুৰীত উপস্থিত হৈছে। স্থানীয় লোকসকলৰ মতে, এই চিহ্নটো জিলাখনৰ লোকগাথাৰ সৈতে ওতপ্ৰোতভাৱে জড়িত দেৱী নেতাই ধুবুনীৰ পবিত্ৰ খোজ।

প্ৰায় ৩০ বছৰৰ পূৰ্বে ঠিক একেই স্থানতে এনে এক পদচিহ্ন দেখা গৈছিল বুলি বয়োজ্যেষ্ঠসকলে স্মৃতি ৰোমন্থন কৰাৰ পাছতে এই ঘটনাই আধ্যাত্মিক গুৰুত্ব লাভ কৰিছে। দেওবাৰৰ পৰা শ শ লোকে ঘাটটোত ধূপ-চাকি জ্বলাই প্ৰাৰ্থনা জনোৱাৰ লগতে ইয়াক এক শুভ লক্ষণ বুলি অভিহিত কৰিছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ এই ঐতিহাসিক ঘাটটোৰ সৈতে চান্দ সদাগৰৰ পুত্ৰ লক্ষীন্দৰ আৰু বেউলাৰ আখ্যানো জড়িত হৈ আছে।

পদ্ম পুৰাণৰ আখ্যান অনুসৰি, সৰ্প দংশনত মৃত্যু হোৱা স্বামী লক্ষীন্দৰৰ প্ৰাণ ঘূৰাই আনিবলৈ বেউলাই কৰা যাত্ৰাৰ সময়ত এই ঘাটতে নেতাই ধুবুনীৰ সহায় লাভ কৰিছিল। দেৱতাসকলৰ বস্ত্ৰ ধৌত কৰা নেতাই ধুবুনীৰ নামৰ পৰাই ‘ধুবুৰী’ শব্দটোৰ উৎপত্তি হোৱা বুলি জনবিশ্বাস প্ৰচলিত। এই পবিত্ৰ পদচিহ্নৰ পুনৰ আৱিৰ্ভাৱে জিলাখনৰ পৌৰাণিক ঐতিহ্য আৰু বিশ্বাসক নতুনকৈ সজীৱ কৰি তুলিছে।

বৰ্তমান ধুবুৰীৰ এই ঘাটটো কেৱল এক ধৰ্মীয় স্থান হৈ থকা নাই, বৰঞ্চ ই ধুবুৰীৰ পৰিচয় আৰু সাংস্কৃতিক ঐতিহ্যৰ এক জীৱন্ত প্ৰতীক হিচাপে পৰিগণিত হৈছে। নেদেখা জনৰ এই মহিমা অথবা প্ৰকৃতিৰ কোনো ৰহস্যই এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত আস্থা আৰু কিংবদন্তিৰ এক বিৰল মিলন ঘটাইছে। সমগ্ৰ জিলাখনতে এই ৰহস্যময় খোজক লৈ এতিয়াও তীব্ৰ কৌতূহল অব্যাহত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *