বাংলাদেশৰ আকাশত এতিয়া ধোঁৱা নহয়, উৰিছে সংখ্যালঘুৰ হাহাকাৰ আৰু এজন জীয়া মানুহক জ্বলাই দিয়া মাংসৰ পৈশাচিক গোন্ধ। মৈমনসিংহৰ ৰাজপথত দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক যি ধৰণে দিনৰ পোহৰতে আক্ৰমণ কৰি গছত ওলোমাই জুই লগাই দিয়া হ’ল, সেই দৃশ্যই এতিয়া চকুৰ টোপনি হৰিছে মানৱতাৰ। ইমান দিনে সমগ্ৰ বিশ্বৰ মানৱাধিকাৰক লৈ চকুলো টোকা বলীউডৰ এটা অংশৰ ভণ্ডামিক ধিক্কাৰ দি এইবাৰ গৰজি উঠিছে কাজল আগৰৱাল আৰু জাহ্নৱী কাপুৰৰ দৰে অভিনেত্ৰী।

জাহ্নৱী কাপুৰে অত্যন্ত তীক্ষ্ণ ভাষাত এই বৰ্বৰতাক সমালোচনা কৰি কয় যে নিজৰ চুবুৰীতে ভাই-ভনীক জীৱন্ত অৱস্থাত জ্বলাই দিয়াৰ পাছতো যিসকলৰ তেজ গৰম হোৱা নাই, তেওঁলোকৰ ভণ্ডামিয়ে এদিন সমাজক ধ্বংস কৰিব। ইফালে কাজল আগৰৱালে এক স্পষ্ট বাৰ্তা দি কয় যে মৌনতাই এতিয়া হিন্দুসকলক ৰক্ষা কৰিব নোৱাৰে। এই পৈশাচিক কাণ্ডই প্ৰমাণ কৰি দিছে যে চুবুৰীয়া দেশখনত সংখ্যালঘুৰ অস্তিত্ব এতিয়া কেনে চৰম সংকটৰ মাজত আছে।

উল্লেখ্য যে, ধৰ্ম নিন্দাৰ এক ভুৱা অভিযোগৰ আলম লৈ দিপু দাসক যি নৃশংসতাৰে হত্যা কৰা হ’ল, তাৰ পাছতে ভাৰতত তীব্ৰ প্ৰতিবাদৰ ঢৌ উঠিছে। দিল্লীত থকা বাংলাদেশ হাই কমিছনৰ সন্মুখত সহস্ৰাধিক লোকে বিক্ষোভ প্ৰদৰ্শন কৰাৰ পাছতে দুই দেশৰ মাজত কূটনৈতিক যুদ্ধ আৰম্ভ হৈছে। বাংলাদেশে ইতিমধ্যে ভাৰতৰ কেইবাখনো চহৰত ভিছা সেৱা বন্ধ কৰি দিছে। কিন্তু এই কূটনৈতিক টনা-আঁজোৰাৰ মাজতো সংখ্যালঘুৰ ওপৰত চলা আক্ৰমণৰ ধাৰাবাহিকতাই এতিয়া এক ভয়াৱহ ভৱিষ্যতৰ ইংগিত দিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *