বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ৰ ওপৰত চলি থকা ধাৰাবাহিক আক্ৰমণৰ শেহতীয়া বলি হৈছে খোকন দাস (৫০) নামৰ এজন ঔষধ ব্যৱসায়ী। ৩১ ডিচেম্বৰৰ নিশা শৰীয়তপুৰ জিলাৰ দামুদ্যা উপজিলাত এদল দুষ্কৃতিকাৰীয়ে খোকন দাসক হত্যাৰ চেষ্টা চলাই পেট্ৰ’ল ঢালি জ্বলাই দিয়ে। গুৰুতৰভাৱে অগ্নিদগ্ধ হোৱা খোকন দাসক বৰ্তমান ঢাকা মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰা হৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি, খোকন দাসে নিজৰ ঔষধৰ দোকান বন্ধ কৰি ঘৰলৈ উভতি থকাৰ সময়তে এক দুষ্কৃতিকাৰীৰ দলে তেওঁৰ অট’ৰিক্সাখন আগচি ধৰে। আক্ৰমণকাৰীসকলে প্ৰথমে তেওঁক চোকা অস্ত্ৰৰে আঘাত কৰি পেটত গভীৰ ক্ষতৰ সৃষ্টি কৰে আৰু তাৰ পাছত শৰীৰত পেট্ৰ’ল ঢালি জুই লগাই দিয়ে। কোনোমতে কাষৰ পুখুৰী এটাত জাপ দি খোকন দাসে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়। তেওঁৰ পত্নী সীমা দাসে জনোৱা মতে, খোকন দাসে দুজন আক্ৰমণকাৰীক চিনি পাইছিল বাবেই তেওঁক প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছিল। আৰক্ষীয়ে এই সন্দৰ্ভত ৰব্বী আৰু সোহাগ নামৰ দুজন লোকক অভিযুক্ত হিচাপে চিনাক্ত কৰিছে।

উল্লেখ্য যে, যোৱা দুসপ্তাহৰ ভিতৰত বাংলাদেশত হিন্দু সম্প্ৰদায়ৰ ওপৰত এয়া চতুৰ্থটো ডাঙৰ আক্ৰমণ। ইয়াৰ পূৰ্বে ২৪ ডিচেম্বৰত ৰাজবাৰীত অমৃত মণ্ডল নামৰ এজন যুৱকক পিটি পিটি হত্যা কৰা হৈছিল। ১৮ ডিচেম্বৰত মৈমনসিংহত দিপু চন্দ্ৰ দাস নামৰ আন এজন হিন্দু যুৱকক ইছলাম ধৰ্মক অপমান কৰাৰ মিছা অভিযোগত মব লিঞ্চিং কৰি গছত ওলোমাই জ্বলাই দিয়া হৈছিল। ড° মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন চৰকাৰে এই ঘটনাসমূহক ‘অপৰাধমূলক কাৰ্য’ বুলি অভিহিত কৰি ইয়াত কোনো ধৰ্মীয় উদ্দেশ্য নাই বুলি দাবী কৰিছে।

ভাৰত চৰকাৰে ইতিমধ্যে বাংলাদেশত সংখ্যালঘুসকলৰ ওপৰত চলি থকা এই ‘অবিৰত শত্ৰুতা’ক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে ২০২৪ চনৰ আগষ্ট মাহৰ পৰা এতিয়ালৈকে সংখ্যালঘুসকলৰ বিৰুদ্ধে ২,৯০০ তকৈও অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে। আনহাতে, ক্ষমতাচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই অভিযোগ কৰিছে যে ইউনুছ চৰকাৰে চৰমপন্থী শক্তিক উদগনি দি সংখ্যালঘুসকলক সুৰক্ষা দিয়াত সম্পূৰ্ণ ব্যৰ্থ হৈছে। বাংলাদেশত ক্ৰমান্বয়ে বৃদ্ধি পোৱা এনে ঘটনাই এতিয়া আন্তৰ্জাতিক মহলতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *