অসমৰ বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ক্ৰমান্বয়ে উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ। সোমবাৰে মানকাচৰত আয়োজিত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলক একে মুদ্ৰাৰ ইপিঠি-সিপিঠি বুলি অভিহিত কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। কংগ্ৰেছ প্ৰাৰ্থী মহিবুৰ ৰহমানৰ সমৰ্থনত অনুষ্ঠিত এই সভাত গগৈয়ে শাসকীয় বিজেপি আৰু ইউডিএফৰ মাজত এক গোপন মিত্ৰতা থকা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰে। আইন প্ৰয়োগৰ ক্ষেত্ৰত চৰকাৰে দুমুখীয়া নীতি গ্ৰহণ কৰা বুলি দাবী কৰি গগৈয়ে কয়, “ৰাজ্যৰ বাহিৰত দিয়া মন্তব্যৰ বাবেও কংগ্ৰেছ নেতাক গ্ৰেপ্তাৰ কৰা হয়, কিন্তু আজমলে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰিলেও তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহয়। আচলতে তেওঁলোক খুড়া-ভতিজাৰ দৰেহে।” ২০২৪ চনৰ লোকসভা নিৰ্বাচনত আজমলৰ সাম্প্ৰদায়িক ৰাজনীতিক ৰাইজে প্ৰত্যাখ্যান কৰাৰ দৰেই আগন্তুক বিধানসভা নিৰ্বাচনত হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনীতিকো পৰাস্ত কৰিব বুলি তেওঁ আত্মবিশ্বাসেৰে ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীক ৰাজনৈতিক বিশ্বাসঘাটক আখ্যা দি গগৈয়ে লগতে কয়, “প্ৰয়াত তৰুণ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতিত আশ্ৰয় দিছিল, কিন্তু তেওঁ পিছত দল ত্যাগ কৰি বিশ্বাসঘাটকতা কৰিলে। আনকি ২০২১ চনত চৰকাৰ গঠনৰ পিছত তেওঁ সৰ্বানন্দ সোণোৱালক কেনেকৈ এচুকীয়া কৰিলে, সেইয়া সকলোৱে দেখিছে।” মিত্ৰদল অগপকো লক্ষ্য কৰি লৈ তেওঁ কয় যে আজমলৰ লগত সম্পৰ্ক থকা লোকসকলেহে এতিয়া আঞ্চলিক দলটোত আশ্ৰয় লৈছে, গতিকে অগপক ভোট দিয়া মানেই ইউডিএফক ভোট দিয়া। কংগ্ৰেছৰ নিৰ্বাচনী গেৰাণ্টীৰ কথা দোহাৰি সভাপতিগৰাকীয়ে পুনৰ কয়, “আমাৰ চৰকাৰ আহিলে ১০০ দিনৰ ভিতৰত জুবিন গাৰ্গক ন্যায় প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি মহিলাসকলক আৰ্থিক সাহায্য, উন্নত স্বাস্থ্য বীমা, জ্যেষ্ঠ নাগৰিকৰ পেঞ্চন আৰু খিলঞ্জীয়াক মাটিৰ পট্টা দিয়াৰ বাবে আমি সংকল্প লৈছোঁ।” এই নিৰ্বাচনী সভাত ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলো উপস্থিত থাকে আৰু অসম চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ হ’বলৈ আহ্বান জনায়। নিৰ্বাচনী যুঁজত কংগ্ৰেছৰ এই আক্ৰমণাত্মক স্থিতি এতিয়া বিজেপিৰ বাবে কিমান প্ৰত্যাহ্বানজনক হয়, সেয়া লক্ষণীয় হ’ব। Share this:FacebookX Related Post navigation অন্ধ্ৰপ্ৰদেশত ২৫ লাখ টকীয়া পুৰস্কাৰ ঘোষিত মাওবাদী নেতাৰ আত্মসমৰ্পণ; মূলসূঁতিলৈ উভতিল কুখ্যাত কেডাৰসহ ৯ সতীৰ্থ ৰেডমি ১৫এ ৫জি: আপুনি অনুভৱ কৰা প্ৰদৰ্শন, স্থায়ী নিৰ্ভৰযোগ্যতা